
ডিজিটেল ডেস্কঃ ভূপাল গেছ কাণ্ডৰ ভূক্তভোগীয়ে আজিৰ তাৰিখলৈকে উচিত ক্ষতিপুৰণ নোপোৱাক লৈ ক্ষোভিত হৈ থকাৰ মাজতে পৰিয়ালকেইটাৰ হৈ যুঁজ দি অহা পাঁচোটাকৈ সংগঠনে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লৈছে৷ ইউনিয়ন কাৰ্বাইড গেছ কাণ্ডৰ দ্বাৰা পীড়িত সংগঠনৰ নেতা সকলে একত্ৰিত হৈ আয়োজন কৰা সংবাদমেলত কয়, মুংগাৱলী আৰু কুলাৰস নিৰ্বাচনী সমষ্টিত ভোটদাতা সকলৰ মাজত সজাগতা আনিবৰ বাবে নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ যাৰ জৰিয়তে বিজেপি দলে ভূপাল গেছ কাণ্ডত পীড়িত লোকসকলক এককালীন সাহায্য দিম বুলি কোৱাৰ মিছা প্ৰতিশ্ৰুতিৰ বিষয়ে অৱগত কৰোৱা হ’ব৷
ভূপাল গেছ কাণ্ডত ভুক্তভোগী কৰ্মচাৰী সংঘৰ অধ্যক্ষ ৰছীদা বি.য়ে কয়, ভূপাল গেছৰ ভুক্তভোগী কাণ্ডতো সমগ্ৰ দেশজুৰি নিৰ্বাচনৰ মূল ইচ্ছ্যু হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰা হৈছে৷ বিগত বৰ্ষত ভূপালৰ বিভিন্ন স্থানৰ পৰাই প্ৰথমে এই কাৰ্যসূচী আৰম্ভ কৰি ভূপাল গেছৰ ভুক্তভোগী কাণ্ডটোকলৈয়ে উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হৈছে৷ ইয়াৰ জৰিয়তেই মুংগাৱলী আৰু কুলাৰস নিৰ্বাচনী সমষ্টি দুটাত বিজেপি দলক পৰাভূত কৰাৰ চেষ্টা চলোৱা হ’ব বুলি অধ্যক্ষজনে মত ব্যক্ত কৰে৷
আনহাতে ভূপাল গেছ কাণ্ডৰ নিৰাশ্ৰয়ী পেঞ্চনভোগী সংঘৰ্ষ মৰ্চাৰ সদস্য বালকৃষ্ণ নামদেৱে কয়, এইবাৰৰ উপ নিৰ্বাচনত বিজেপি দলৰ প্ৰচাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেই সম্পূৰ্ণ দায়িত্ব বহন কৰিব৷ প্ৰচাৰ চলোৱাৰ সময়ত চৌহানে ঘোষণা কৰা প্ৰতিশ্ৰুতি সমূহতেই নিৰ্ভৰ কৰিব দলীয় স্থিতি৷ কিন্তু ভূপাল গেছ কাণ্ডত ভুক্তভোগী ছয় লাখ লোকক এককালীন সাহাৰ্য প্ৰদান কৰিম বুলি সাত বছৰে দি অহা ভুৱা প্ৰতিশ্ৰুতিৰ বিষয়টো ভোটদাতা সকলক অৱগত কৰাৰ চেষ্টা কৰা হ’ব৷ যাৰ জৰিয়তে ভোটদাতা সকলক বিজেপি দলৰ প্ৰতি মোহভংগ ঘটোৱাত সহায়ক হ’ব বুলি নামদেৱে জনায়৷
ইয়াৰোপৰি ভূপাল গ্ৰুপ অফ ইনফৰমেশ্যন এণ্ড একশ্যনৰ সদস্য সতীনাথ ষড়ংগীয়ে ভূপাল গেছ কাণ্ডত পীড়িত সংগঠনসমূহৰ কোনোৱে ৰাষ্ট্ৰীয় দল সমূহৰ সৈতে চামিল নহয় বুলি জনোৱাৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰত সাধাৰণ লোকসকলৰ সহায় লোৱা হ’ব বুলি কয়৷ ভূপালৰ এটা শিশু সংগঠনৰ সদস্যা সৰীতা মালৱীয়ে ব্যংগ কৰি কয়, ‘ঝুঠ ব’লে কৌওৱা কাটে’ৰ দৰে ভূপালৰ ভুক্তভোগীসকলে এতিয়াৰ পৰা কাউৰী হৈয়ে মুংগাৱলী আৰু কুলাৰসৰ লগতে বিভিন্ন সমষ্টিৰ পৰা মিছা ৰাজনৈতিক নেতাসকলক বিতাড়িত কৰিব৷
উল্লেখ্য যে, ৩৩ বছৰৰ পূৰ্বে ভূপালত আমেৰিকা কোম্পানীৰ ইউনিয়ন কাৰ্বাইডৰ কাৰখানাত গেছ নিৰ্গত হোৱাৰ ঘটনা সংগঠিত হৈছিল৷ য’ত হাজাৰৰো অধিক লোক মৃত্যু হোৱাৰ লগতে বৰ্তমানেও লাখৰো অধিক লোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে৷ এই ঘটনাত পীড়িত লোকসকললৈ সাহাৰ্য আগবঢ়োৱা হৈছিল যদিও পৰ্যাপ্ত নাছিল৷ বিভিন্ন দল সংগঠনে তিনি দশক ধৰি ভুক্তভোগীসকলক অধিক সাহাৰ্য আগবঢ়াবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় আহিছে যদিও চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই৷
ইয়াৰ লগতে সংগঠনসমূহে দশকজুৰি কাৰখানা সমূহৰ পৰা নিৰ্গত হৈ থকা ৰাসায়নিক দ্ৰব্যসমূহো সোনকালে নিঃশেষ কৰাৰ দাবী জনায় আহিছে৷ জানিব পৰা মতে মুংগাৱলী সমষ্টিৰ বিধায়ক মহেন্দ্ৰ সিং কালূখেড়া আৰু কুলাৰস সমষ্টিৰ বিধায়ক ৰাম সিং যাদৱৰ মৃত্যু হোৱাৰ বাবে এই দুটা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত কৰা হৈছে৷ নিৰ্বাচনৰ ভোটদান ২৪ ফেব্ৰুৱাৰীত হোৱাৰ বিপৰীতে ফলাফল ঘোষিত হ’ব ২৮ ফেব্ৰুৱাৰীত৷
Courtesy: ndtv.com