
ডিজিটেল ডেস্কঃ ভাৰতক লুটি নিয়াৰ ধান্দা আছে নেকি? লুটি নি সাৰি যোৱাৰ দুৰ্বাৰ ইচ্ছা আছে নেকি? তেন্তে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিয়াৰ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে৷ শেহতীয়াকৈ মাইক্ৰ ব্লগিং ছচিয়েল ছাইট টুইটাৰত জনপ্ৰিয়তাৰ শীৰ্ষত আছে ৰাহুল গান্ধীৰ ফৰ্মুলা- ‘স্কেমষ্টাৰ্চ এচকেপ ফৰ্মুলা’৷ অৰ্থাৎ ডাঙৰৰো ডাঙৰটো বিত্তীয় কেলেংকাৰী কৰি কেনেদৰে হাত সাৰিব পাৰিব, তাকে লৈ এই ফৰ্মুলা৷
বৃহস্পতিবাৰে ‘গাইড টু লুটিং ইণ্ডিয়া’ শীৰ্ষক টুইট কৰি ব্যংগ দৃষ্টিকোণেৰে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিজেপিক কটাক্ষ কৰাৰ পিছতে এইবাৰ গান্ধীয়ে লৈ আনিছে এই বিশেষ ফৰ্মুলা-কেনেকৈ কেলেংকাৰী কৰি সাৰি যাব পাৰিব৷
The scamster's escape formula:
— Office of RG (@OfficeOfRG) February 16, 2018
Na(Mo)
La(Mo) + Ni(Mo) -----> Bha(Go)#ModiRobsIndia
প্ৰসংগ পাঞ্জাৱ নেচনেল বেংকৰ বিত্তীয় অনিয়ম আৰু তাৰ সৈতে নীৰৱ মোডীৰ নাম এৰাব নোৱাৰাকৈ সাঙোৰ খাই পৰাটো৷ লগতে যোগসূত্ৰ আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ প্ৰতিস্থাপক ললিত মোডীৰ৷ নৰেন্দ্ৰ মোডী, ললিত মোডী আৰু নীৰৱ মোডী- এই তিনিটা নামৰ আদ্যক্ষৰ লৈ গান্ধীৰ এই ফৰ্মুলা-নমো-লমো-নিমো৷ ফৰ্মুলাৰ শীৰোনাম দিছে ‘দা স্কেমষ্টাৰচ এচকেপ ফৰ্মুলা’৷
ভাৰতীয় ষ্টেট বেংকৰ পিছতেই দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকৰ স্থান দখল কৰি থকা পিএনবিৰ শেহতীয়াকৈ উন্মোচিত হোৱা বিত্তীয় অনিয়মৰ সৈতে ডাইমণ্ড কিং খ্যাত ৪৮ বৰ্ষীয় নীৰৱ মোডীৰ নাম পোহৰলৈ অহাৰ পিছতে দেশৰ ৰাজহুৱা খণ্ডৰ অৱস্থা কিয় বেয়া, সেয়া স্পষ্ট হৈ পৰাৰ সময়তে ৰাহুল গান্ধীয়ে এই কটাক্ষৰ বাণ আওপকীয়াকৈ মাৰি পঠিয়াইছে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত নৰেন্দ্ৰ মোডীলৈ- সেয়ে হেটচটেগত দিছে মোডীৰ নাম- #ModiRobsIndia
Guide to Looting India
— Office of RG (@OfficeOfRG) February 15, 2018
by Nirav MODI
1. Hug PM Modi
2. Be seen with him in DAVOS
Use that clout to:
A. Steal 12,000Cr
B. Slip out of the country like Mallya, while the Govt looks the other way.
#From1MODI2another
ইয়াৰ আগতে দিয়া গান্ধীৰ ‘গাইড টু লুটিং ইণ্ডিয়া’ত আছিল ‘ইণ্ডিয়া’ক লুটি নিয়াৰ তেনেই উজু উপায়৷ নিৰ্দেশনা মতে প্ৰধানমন্ত্ৰীক প্ৰথমে ‘হাগ’ কৰক, তাৰ পিছত ডাভোচত তেওঁৰ সৈতে ভুমুকি মাৰক৷ ইমানেই যথেষ্ট৷ বাট মুকলি- ১২ হাজাৰ কোটি টকাৰ হাত চাফাই আৰু ‘মালিয়াৰ দৰে দেশৰ পৰা বাহিৰলৈ গমন কৰা’৷