
ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ সাংসদ অজয় সিঙৰ বিৰুদ্ধে প্ৰেৰণ কৰা হৈছে দেশৰ ইতিহাসত সৰ্বোচ্চ পৰিমাণ মানহানি গোচৰ। ৰিলায়েন্সৰ বিৰুদ্ধে ‘ভুঁৱা, বিকৃত আৰু বিদ্বেষপূৰ্ণ’ কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলি সাংসদগৰাকীৰ ওপৰত তৰা হৈছে ৫০০০ কোটি টকাৰ মানহানি গোচৰ৷
ফ্ৰান্সৰ পৰা ভাৰতে ৫৬ হাজাৰ কোটি টকাত ৩৬ খন ৰাফেল জেট ক্ৰয় কৰা সন্দৰ্ভত হোৱা কেলেংকাৰীত দেশৰ প্ৰধানমন্ত্ৰীৰ নাম সাংসদগৰাকীয়ে টানি অনাৰ লগতে দেশৰ বৃহত্তৰ ব্যৱসায়িক গোষ্ঠী ৰিলায়েন্সৰ সৈতে কেলেংকাৰীৰ যোগসূত্ৰ থকাৰ কথা ১৩ ফেব্ৰুৱাৰীত এক সংবাদমেল যোগে সদৰী কৰিছিল৷
ৰাফেল চুক্তিৰ আধাৰত ভাৰতত নিৰ্মাণ হ’বলগীয়া পাৰ্টছবোৰ নিৰ্মাণৰ দায়িত্ব ৰিলায়েন্স গ্ৰুপৰ নতুনকৈ গঢ় লৈ উঠা ‘অভিজ্ঞতাহীন’ ৰিলায়েন্স ডিফেন্সক দিয়াত কাৰ্যদক্ষতা আৰু চুক্তিৰ স্বচ্ছতাক লৈ প্ৰশ্ন তুলিছিল সাংসদগৰাকীয়ে৷ এনেদৰে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ দায়িত্ব এটা এবছৰীয়া অভিজ্ঞতাসম্পন্ন কোম্পানীক দিয়াক লৈ সন্দেহৰ আঙুলি তুলি সিঙে কৈছিল যে সেই ২২ হাজাৰ কোটিটকীয়া চুক্তি দৰাচলতে ‘কেলেংকাৰীৰ চুক্তি’হে আছিল৷
এই কথাতেই ক্ষুণ্ণ হৈ পৰে অনিল আম্বানী৷ ইয়াৰ পিছতেই শুকুৰবাৰে সাংসদগৰাকীলৈ ৰিলায়েন্সৰ গ্ৰুপৰ পৰা এই নটিচ আহে৷ নটিচখনত সাংসদগৰাকীক সংবাদমেলত কোৱা কথাখিনি উঠাই লোৱাৰ লগতে চৰ্তবিহীনভাৱে ক্ষমা খুজিবলৈ কোৱা হৈছে৷ ইফালে ৰাফেল কেলেংকাৰীত ৰিলায়েন্সৰ যোগসূত্ৰ ফাদিল কৰাৰ বাবেই এনেদৰে সাংসদগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এনে মানহানি গোচৰ তৰা হৈছে বুলি কয় আপৰ সাংসদগৰাকীয়ে৷