
ডিজিটেল ডেস্কঃ শনিবাৰে পিএনবি ঘোটালা সন্দৰ্ভত কংগ্ৰেছে দিল্লীৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি শাসকীয় বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল চিব্বালে দেশৰ চকীদাৰে পকোৰা বনোৱাৰ পৰামৰ্শ দি আহিছে বুলি কয়৷ বৰ্তমানৰ পৰিস্থিতি এই যে, চকীদাৰ শুই আছে আৰু চোৰে পলায়ন কৰিলে৷ প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি এই তীৰ্যক বাক্যবান কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়৷
ইমানে নহয় কেৱল কেইগৰাকীমান উদ্যোগপতিৰ লাভৰ বাবে বেংকে কাম কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ ২-জি ঘোটালা সংঘটিত নোহোৱাৰ পিছতো বিজেপিৰ ভুৱা অভিযোগৰ বাবে আজি দেশৰ লোকচান হোৱা বুলি কয়৷ প্ৰধানমন্ত্ৰীক কাঠগড়াত থিয় কৰি প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত কোন কোন লগত যায় ইয়াক লৈয়ো প্ৰশ্ন উত্থাপন কৰে৷
আমাৰ টকাৰে সম্পত্তি কিনা হৈছে, প্ৰধানমন্ত্ৰী ইয়াৰ তদন্ত হ’ব নে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ নীৰৱ মোডীৰ বিৰুদ্ধে ১৫১ এলঅ’ইউ থকা বুলি কৈ ২০১৭ চনতেই চিবিআইয়ে ৰুজু কৰাৰ পিছতো কিয় ব্যৱস্থা কৰা নহ’ল বুলিও প্ৰশ্ন কৰে৷ বিত্ত মন্ত্ৰীয়ে এই কথা কিয় নকলে বুলি প্ৰশ্ন উত্থাপন কৰে চিব্বালে৷ নীৰৱ মোডী আৰু বিত্ত মন্ত্ৰীৰ মাজত কি সম্পৰ্ক আছে৷
ঘোটালা সন্দৰ্ভত আমি উত্থাপন কৰি থকা প্ৰশ্নৰ উত্তৰ কিয় নিদিয়ে৷ ২০১৫ চনৰ পৰাই তেওৰ বিৰুদ্ধে অভিযোগ থকাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে কিয় এই সন্দৰ্ভত চকু ৰখা হৈছে বুলি কলে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় চৰকাৰে এই ঘোটালাৰ কথা পূৰ্বৰ পৰাই অৱগত৷ কংগ্ৰেছে কয় মেহুল ভাইৰ গুণ গাই থকা হৈছে৷ যেতিয়া প্ৰধানমন্ত্ৰীক অভিযোগ দিয়া হ’ল তেতিয়া অভিযোগকে বন্ধ কৰি দিলে৷
বিজেপিৰ কাৰণে বেংকে টকা উভতাই নাপালে আৰু ৰাইজে এতিয়া গম পাইছে প্ৰকৃত ক্ৰোনী কেপ্টেলিষ্ট কোন৷ কংগ্ৰেছে বেংক ব্যৱস্থাৰ বিশ্বাস যোগ্যতা সন্দৰ্ভত সংকট আহি পৰা বুলি কৈ প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰী নীৰৱে থকা বুলি প্ৰশ্ন উত্থাপন কৰে৷ পলম হলেও বেংকৰ ঘোটালা পোহৰলৈ আহিল বুলিও কয়৷
source_firstpost.com