আগৰতলাঃ ত্ৰিপুৰাৰ ভোটদানৰ বাবে মাজত মাথো কাইটামান ঘন্টা৷ ১৮ ফেব্ৰুৱাৰীৰ পুৱাই ৰাজ্যৰ জনসাধৰণে ভোট দিবলৈ ওলাই আহিব৷

নিৰ্বাচনৰ বাবে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসনে৷ ভোট কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মীৰ দল ইতিমধ্যে ৰাওনা হৈছে৷

সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দূৰ্গম এলেকালৈ নিৰ্বাচনী বিষয়া-কৰ্মীক পঠোৱাত পুৱাৰে পৰা জিলাসমূহৰ উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং-প্ৰিজাইডিং বিষয়া ব্যস্ত হৈ পৰিছিল যদিও শেহতীয়া খবৰ মতে বিষয়াসকল একোখন গাড়ীৰে ইভিএম মেচিন লৈ গন্তব্য অৱস্থালৈ যাত্ৰা আৰম্ভ কৰিছে৷

ৰাজধানী আগৰতলাৰ উপায়ুক্তৰ কাৰ্যালয়ত পুৱাই এক যুদ্ধকালীন পৰিস্থিতি দেখা যায়৷ যাত্ৰাকালত হাতে হাতে বন্দুক লৈ নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা দি লৈ যায়৷

দেওবাৰে ৬০টা বিধান সভা সমষ্টিৰ ৰাইজে ৬০গৰাকী লোকৰ ভাগ্য নিৰ্ণয় কৰিব৷

আৰক্ষী সঞ্চালৰ প্ৰধান অখিল কুমাৰ শুক্লাই সকলো ভোট গ্ৰহণ কেন্দ্ৰত ৰাইজে নিসন্দেহে ওলাই আহি ভোট দিব পাৰিব বুলি কয়৷ আনহাতে এয়া গণতন্ত্ৰৰ এক মহৎ উৎসৱ বুলি ধৰি ললে দেওবাৰে প্ৰজাই হে ৰজাৰ ভাগ্য নিৰ্ণয় কৰিব৷

এইবাৰ নিৰ্বাচনত স্পৰ্শ কাতৰ ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী সংখ্যা বৃদ্ধি কৰা হৈছে৷ তুলনামূলক ভাৱে ত্ৰিপুৰাত স্পৰ্শ কাতৰ, অতি স্পৰ্শ কাতৰ বুলি চিনাক্ত কৰা ভোট কেন্দ্ৰ সমূহত চিআৰপিএফৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে প্ৰতিগৰাকী বিষয়াৰ সৈতে যাব চিআৰপিএফৰ দল৷ ৰাজ্যৰ পুৰুষ-মহিলাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷

এইবাৰ নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে যুঁজত আগত থকা বুলি ধাৰণা কৰা হৈছে যদিও ত্ৰিপুৰাত বামপন্থীৰ ভোট খহাব পৰাটো কঠিন বুলি চৰ্চা হৈছে৷ ৰাজ্য খনৰ জনসাধৰণে কাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে সেয়া ভোটগণনাতহে ওলাই পৰিব৷

১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড-মেঘালয়ত একেটা দিনতেই ভোটদান অনুষ্ঠিত হ’ব৷

তিনিওঁ খন ৰাজ্যৰে ৩ মাৰ্চত নিৰ্বাচনৰ ভোট গণনা তথা ফলাফল ঘোষণা কৰিব নিৰ্বাচন আয়োগে৷ ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ডত ৬০ খনকৈ আছে বিধান সভা আসন৷ ইতিমধ্যে কেন্দ্ৰৰ শাসকীয় দল বিজেপি, বিৰোধি কংগ্ৰেছ, চিপিআইএম তথা আঞ্চলিক দল সমূহে তীব্ৰ প্ৰচাৰৰ সামৰণি পেলায়৷