
ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানক এক নতুন মাত্ৰা প্ৰদান কৰিলে মধ্য প্ৰদেশৰ সাংসদ জনাৰ্দন মিশ্ৰাই। নিজহাতে স্কুলৰ শৌচাগাৰৰ ৰুদ্ধ নলা চাফা কৰি চ’ছিয়েল মিডিয়াত প্ৰশংসাৰ পাত্ৰ হৈ পৰিল সাংসদজন।
স্কুল এখনৰ শৌচাগাৰ এটা ৰুদ্ধ হৈ থকাৰ খবৰ পাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ ৰেৱা জিলাৰ বিজেপিৰ সাংসদজনে যথাস্থানত উপস্থিত হৈ নিজেই খালি হাতেৰে চাফা কৰে শৌচাগাৰটো। সেই ভিডিঅ’টো টুইটাৰত সাংসদগৰাকীয়ে নিজে আপলোড কৰে।
रीवा जिले के स्वच्छ भारत मिशन अंतर्गत ग्राम पंचायत भुशुड़ी में जन सम्पर्क के दौरान प्राथमिक विद्यालय में बंद पड़े शौचालय की सफाई की।@narendramodi @rshuklabjp @ChouhanShivraj @SwachhBharatGov @swachhbharat pic.twitter.com/LayhnwLlQo
— Janardan Mishra (@Janardan_BJP) February 15, 2018
ইয়াৰ পূৰ্বে একেটা দিনতে ৰেৱাৰ ৰাস্তাত ঝাড়ু লৈ চাফাই কৰি থকা দেখা গৈছিল। আন এটা ভিডিঅ’ত স্কুলীয়া ল’ৰা-ছোৱালীৰ চুলি কাটি আছিল সাংসদগৰাকীয়ে।
এফালে ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী কালিচৰণ চাৰাফে জয়পুৰত ৰাস্তাৰ কাষৰ দেৱাল এখনৰ আঁৰ লৈ প্ৰশ্ৰাৱ কৰি থকা ফটো এখন ভাইৰেল হোৱাৰ পিছতেই সাংসদ মিশ্ৰাৰ এই কাৰ্যকলাপ প্ৰশংসনীয়।