দেৰগাঁওঃ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাস অব্যাহত আছে৷ চলিত মাহতেই নাহৰফুটুকীৰ আক্ৰমণত ৬ জনকৈ চাহ শ্ৰমিক আহত হ’বলগীয়া হৈছে। অলপতে দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নেঘেৰিটিঙ চাহ বাগিচাৰ ১২নং লাইনত বালিজানৰ পুৰণা লাইনত মতিলাল নাগবংশী আৰু বাবুলাল মাঝি নামৰ দুজন চাহ শ্ৰমিকক বাঘে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে৷

শনিবাৰে নিশা কাকডোঙাৰ নিকটৱৰ্তী কমাৰবন্ধাত চাহ বাগিচাৰ বিষ্ণ ওৰাং আৰু ভূৱন কৰ্মকাৰ নামৰ দুজন শ্ৰমিকক নাহৰফুটুকীয়ে অতৰ্কিতে আক্ৰমণ কৰে৷ ফলত দুয়োগৰাকী শ্ৰমিক আহত হয়৷ শ্ৰমিকক বাঘে আক্ৰমণ কৰা বুলি প্ৰচাৰ হোৱাৰ পিছতেই একাংশ লোক উত্তেজিত হৈ পৰে৷

হাতে হাতে লাঠি-জোং লৈ বাঘৰ সন্ধান আৰম্ভ কৰে৷ বাঘ বিচাৰি অভিযান চলোৱাৰ সময়তে বোধেশ্বৰ ওৰাং আৰু মহেন বৰা নামৰ দুজন লোকক পুনৰ বাঘে আক্ৰমণ কৰে৷ পিছত ৰাইজে চাৰিজন লোককে চিকিসালয়ত ভৰ্তি কৰে৷ উল্লেখ্য যে কুৰালগুৰিৰ কপৌচুকত গুকুৰবাৰে পুৱা এটা নাহৰফুটুকী বাঘ বন বিভাগে পিঞ্জৰাবদ্ধ কৰে৷ জিলাখনৰ বিশেষকৈ চাহ বাগিচা অধ্যুষিত এলেকাত বৰ্তমানেও বহু কেইটা বাঘৰ বিচৰণ কৰা প্ৰত্যক্ষ কৰাত ৰাইজে আতংকৰ মাজেৰে দিন পাৰ কৰে৷