ডিজিটেল ডেস্কঃ বিজেপিৰ হাতদীঘল নেতাৰ সহযোগ অবিহনে কোটি কোটি টকা লুটি নি নীৰৱ মোডীয়ে দেশৰ পৰা ইমান সহজে পলাই যাব নোৱাৰিলেহেঁতেন। এয়া কাকতালীয় সংযোগ হ’বই নোৱাৰে, নিশ্চয়কৈ মোডীৰ এই ১১,৪০০ কোটি টকাৰ কেলেংকাৰীত গেৰুৱা দলটোৰ শীৰ্ষস্থানীয় নেতৃবৰ্গৰ হাত আছে। এই অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। 

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতকাৰত মুখ্যমন্ত্ৰী কেজৰিৱালে কেন্দ্ৰ চৰকাৰক প্ৰশ্ন কৰে যে সুৰাসম্ৰাট খ্যাত বিজয় মালিয়াক কেতিয়া ঘুৰাই আনিব পাৰিব। উল্লেখ্য যে পিএনবি কেলেংকাৰীত মোডীক বেংকটোৰ প্ৰাক্তন কৰ্মচাৰীয়ে পাছৱৰ্ড দি সহায় কৰা বুলি আজি বাতৰি প্ৰকাশ পাইছে।