ডিজিটেল ডেস্কঃ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা পাঁচ বছৰীয়া কন্যা এগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৱাক্ৰো চক্ৰৰ নামগো মিচমি গাঁৱত উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে ধৰা পেলোৱা অভিযুক্ত ক্ৰমে সঞ্জয় চবৰ (৩০) আৰু জগদীশ লোহাৰ (২৫) ক সোমবাৰে ৰাইজে থানাৰ পৰা চোঁচৰাই আনি বজাৰৰ মাজতে হত্যা কৰা বুলি জানিব পৰা গৈছে। 

ঘটনাৰ বিৱৰণি মতে দেওবাৰে আৰক্ষীয়ে টেঙাপানী চাহ বাগিচাৰ পৰা আটক কৰিছিল অভিযুক্তদ্বয়ক। তাৰ পিছতে ৰাইজৰ ক্ষোভৰ বলি হয় সোমবাৰে দুয়োগৰাকী। আৰক্ষীৰ ভাষ্যমতে সঞ্জয়ে কন্যাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু জগদীশে এই জঘন্য কাণ্ড গাপ দিয়াত সঞ্জয়ক সহায় কৰিছিল। 

ৱাক্ৰো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থমাছ পাৰ্টিনে সংবাদমাধ্যমক দিয়া ভাষ্যমতে ১২ ফেব্ৰুৱাৰীৰ পুৱা ৯.৩০ ৰপৰা ১০.৩০ বজাৰ ভিতৰতে নিৰুদ্দেশ হৈছিল কন্যাগৰাকী। সেইদিনাই কন্যাগৰাকীৰ পৰিয়ালবৰ্গই থানাত এজাহাৰ দাখিল কৰিছিল। ১৭ ফেব্ৰুৱাৰীত টেঙাপানী চাহ বাগিছাখনৰ পৰা কন্যাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পশ্চ্যাৎ দেওবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তদ্বয়ক। 

ঘটনাৰ বিৱৰণি মতে ১২ ফেব্ৰুৱাৰীত সঞ্জয় চবৰে কন্যাগৰাকীক ফুচুলাই চাহ বাগানলৈ লৈ গৈছিল। অভিযোগমতে তাতেই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছতে কন্যাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত দাৰে মুৰত আঘাত কৰি চবৰে হত্যা কৰে কন্যাগৰাকীক। ইফালে আৰক্ষীৰ আগত স্বীকাৰোক্তি কৰা চবৰৰ বন্ধু জগদীশে কয় যে তেওঁ নিজে ধৰ্ষণ কৰা নাছিল যদিও চবৰক গাঁও এৰি আত্মগোপন কৰাত সহায় কৰিছিল। 

ইফালে উত্তৰ-পূৰ্বাঞ্চল মানৱ অধিকাৰ সংগঠনে উক্ত ঘটনাৰ গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে। এনে সময়তে সংবাদমাধ্যমৰ লগতে চ’ছিয়েল মিডিয়াত ঘটনাৰ সবিশেষে প্ৰচাৰ লাভ কৰাৰ পিছতে ক্ষোভিত স্থানীয় ৰাইজ নিয়ন্ত্ৰণহীন হৈ পৰে আৰু ৱাক্ৰো থানাৰ সমুখত প্ৰতিবাদ কৰি থকাৰ সময়তে অভিযুক্তদ্বয়ক টানি-আজুৰি থানাৰ পৰা উলিয়াই আনি বজাৰৰ মাজতে হত্যা কৰে। ঘটনাক লৈ এতিয়াও তীব্ৰ চাঞ্চল্য অব্যাহত আছে।