বোকাজানঃ বিদেশী ন্যায়ধীকৰণত গোচৰ চলি লোকৰ লোকৰ নাম NRCৰ প্ৰথম খন খচৰাত নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে বিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ সদস্যৰ নামো NRCত অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰ্বি পাহাৰ৷ আছু সস্তম হৈ পৰি ইতিমধ্যে খোদ আছুৱে অভিযান আৰম্ভ কৰিছে৷ প্ৰায় চাৰিগৰাকী সন্দেহ যুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে বিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত ধুমুহাৰ সৃষ্টি হৈছে কাৰ্বি আংলং জিলাত৷ বিদেশী খেদাৰ নামত ৬ বছৰীয়া অসম আন্দোলন কৰা হল।

বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিলে। অসম চুক্তি হল আৰু দীৰ্ঘ সময়ৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি প্ৰস্তুতৰ বাট মুকলি হল। কিন্তু এণআৰচিক লৈ অসমীয়া ৰাইজৰ আশংকা দূৰ নহল৷ দেশৰ শীৰ্ষ আদালতে এনআৰচি সন্দৰ্ভত অসম চৰকাৰৰ ওপৰত সময়ে সময়ে হেঁচা প্ৰয়োগ কৰি আহিছে৷ ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত পোৱা এন আৰ চিৰ প্ৰথমখন খচৰা ইতিমধ্যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পায়। অসমৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী গঠনৰ জড়িয়তে অসমত থকা বিদেশী চিনাক্ত হ’ব আৰু অসম বিদেশী মুক্ত হ’ব৷

কিন্তু কিমান নিকা আৰু স্বচ্ছতাৰে প্ৰকাশ হল প্ৰথমখন খচৰা৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানত এনআৰচিৰ প্ৰথমখন খচৰাত সংঘটিত হৈছে ব্যাপক বিসংগতি৷ বোকাজানত আছুৱে ধৰা পেলাইছে ইতিমধ্যে প্ৰকাশ পোৱা প্ৰথমখন খচৰাৰ ব্যাপক বিসংগতি৷ বোকাজানত সদৌ অসম ছাত্ৰ সন্থাৰ নিজাববীয়া তদন্তত পোহৰলৈ আহিছে প্ৰথমখন খচৰাৰ কেতবোৰ বিসংগতি৷ উল্লেখ্য যে, বিদেশী ন্যায়ধীকৰণত গোচৰ চলি থকা বোকাজানৰ চাৰিগৰাকী ব্যক্তিৰ ক্ষেত্ৰত বৰ্তমানেও আদালতে কোনো সিদ্ধান্ত দিয়া নাই তেওঁলোক দেশী নে বিদেশী৷ কিন্ত এন আৰ চিৰ প্ৰথমখন খচৰাত নাম সোমাল এই চাৰিগৰাকী ব্যক্তিৰ৷

আনহাতে তপন দাস নামৰ এজন ব্যক্তিৰ পিতৃ আৰু মাতৃ ক্ৰমে মতিলাল দাস আৰু চেফালী দাসক বিদেশী ন্যায়ধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতো তপন দাসৰ জীয়েকৰ নামটো সোমাল এন আৰ চিৰ প্ৰথমখন খচৰাত৷ তাৰোপৰি বহু ব্যক্তিৰ লিগেছী ডাটাৰ বয়স আৰু বৰ্তমানৰ বয়সৰ মাজত ব্যাপক খেলিমেলি থকাৰ কথা জানিবলৈ দিয়াৰ লগতে এন আৰ চিৰ কামত নিয়োজিত একাংশ দ্বায়িত্বহীন বিষয়া-কৰ্মচাৰীৰ বাবেই এনেবোৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই৷

এনেবোৰ ব্যাপক বিসংগতিৰ বিষয়ে বোকাজান আছুৱে বোকাজানৰ মহকুমাধিপতি দিলীপ তেৰাংক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰে আৰু দ্বিতীয়খন খচৰাত যাতে এনেধৰণৰ খেলিমেলি নহয় তাৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহকুমাধিপতিগৰাকীয়ে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে দ্বিতীয়খন খচৰা প্ৰকাশ পাব বুলিও জানিবলৈ দিয়ে৷