
গুৱাহাটীঃ পাপনৰ চুমা বিতৰ্ক অব্যাহত থকাৰ সময়তে বিজেপিৰ নেতা সুব্ৰমনিয়াম স্বামীয়ে টুইট কৰি পাপনক পাপী আখ্যা দিয়াৰ লগতে পাপনক ধৰ্ষণ কাৰীৰ অভিযোগত শাস্তি দিব পাৰি বুলি কৈছিল৷ ইমানে নহয় ১৮ বছৰীয়া যুৱতীক স্পৰ্শ কৰা কাৰ্যক ধৰ্ষণ কৰা কাৰ্য বুলি ৰাজ্য সভাৰ সাংসদ স্বামীয়ে অভিহিত কৰাৰ কিছু সময় পিছতেই পাপনে টুইট কৰি ক্ষমা বিচাৰে৷
— papon angaraag (@paponmusic) February 23, 2018
পাপনে কয় ‘‘এনেকুৱা নহয় যে মোৰ ভুল হোৱা নাই৷ আজিৰ সমাজৰ দৃষ্টিত এইটো ভুল বুলি কব পাৰি৷ তাৰ বাবে মই ক্ষমা বিচাৰিছো৷ মানুহে মোক আগৰ পৰাই জানে মই কিমান মৰমীয়াল মানুহ৷ মই তেনেকুৱা এটা পৰিৱেশতে ডাঙৰ-দীঘল হৈ আহিছো৷ এতিয়া দুয়োটা পৰিয়ালৰ বাবে ধুমুহা নামি আহিছে৷ মিডিয়াই বিষয়টো বেলেগ দিশে লৈ গৈছে৷ মোৰ ক্ষেত্ৰত বিভিন্ন শব্দ ব্যৱহাৰ কৰা হৈছে৷ যাৰ বাবে মই বহু দুখ পাইছো৷ সেই পৰিয়ালটোৱে অন ৰেকৰ্ড কৈছে আচলতে তেনে কোনো কাৰণ নাই৷ কেমেৰাৰ ৰেজুলেচন আৰু এঙগলৰ কাৰণে দৃশ্যটো দেখাত বেয়া হৈছে৷ অলপ সময়ৰ মুহূৰ্ততো ফলত বেলেগ এটা দৃশ্য যেন লগা হৈছে৷’’
পাপনে এনেদৰে স্পষ্টি কৰণ দিয়ে৷ ইমানে নহয় কিশোৰীগৰাকীৰ সন্মানক গুৰুত্ব প্ৰদানৰ আহ্বান জনাই মিডিয়াক৷ কিশোৰীগৰাকীৰ গাত হাত দিয়াটো উচিত নাছিল বুলিও কৈ মই অনিচ্ছাকৃত ভুলৰ বাবে দুধ প্ৰকশ কৰিছো বুলি ক্ষমা বিচাৰে পাপনে৷সংগীত জগতত অংগৰাগ মহন্ত তথা পাপনৰ আসন সুকীয়া। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব পাপনে নিজৰ অফিচিয়েল ফেচবুক পেজত ৰং-ধেমালীৰ মাজতে কিশোৰী এগৰাকীক চুমা খোৱাৰ দৃশ্যৰ চৰ্চা আৰম্ভ হয়। তাৰ পিছতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হয়৷ তাতে লাইভ কৰোতাগৰীকায়ে কয়, 'য়ে ক্যায় হো ৰহা হেই’।
তেতিয়া গম পাই পাপনে যে ইতিমধ্যে কিচ কৰাৰ দৃশ্য লাইভ হৈ আছিল। থতমত খোৱা পাপনে তেতিয়া লাইভ বন্ধ কৰিবলৈ কয়। তেওঁ কয়, "বন্ধ কৰো য়ে ফেচবুক লাইভ, মিউজিক মিউজিক!" হেপী হোলী বুলি কৈ পাপনে কৰিলে লিপলক্, ফেচবুক লাইভত ধৰা পৰিল সেই দৃশ্যসেইখিনি সময়ত ফেচবুক পেজৰ পৰা লাইভ কৰি থকা বুলি পাপনে জনা নাছিল। এই ঘটনা সংঘটিত হৈ ছিল ২০ ফেব্ৰুৱাৰীৰ নিশা৷ শেহতীয়াকৈ এগৰাকী অধিবক্তাই গোচৰ ৰুজু কৰাৰ লগতে অসমৰ পাপনিষ্ট সকলে এই বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত এটা প্ৰতিষ্ঠআনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷