নগাঁওঃ বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ফলত জনাঞ্চলত বিভিন্ন বন্যপ্ৰাণীৰ মুক্ত বিচৰণৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াত সোমবাৰে দুপৰীয়া এটা অজগৰক লৈ সৃষ্টি হয় এক অনাহুত পৰিস্থিতি৷ জানিব পৰা মতে, এগৰাকী লোকে নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ দাঁতিৰ এজোপা তেতেলী গছত ওপৰত আশ্ৰয় লৈ থকা প্ৰত্যক্ষ কৰে অজগৰ।

পিছত সেই খবৰ নিমিষতে সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে জনতাৰ সোঁত ব’বলৈ ধৰে তেতেলীজোপাৰ কাষলৈ৷ একাংশ লোকে খবৰ দিয়ে স্থানীয় আৰক্ষী আৰু বনবিভাগক৷ আৰক্ষী আৰু বন বিভাগৰ যথা স্থানত দল উপস্থিত হয় যদিও গছৰ বহু ওপৰৰ পৰা অজগৰক কেনেকৈ নমাব তাক লৈ মহা বিপাঙত পৰে বন বিভাগৰ দলটো। প্ৰত্যক্ষ কৰাকলৈ কৌতুহল আনফালে সাপতো নমোৱাক লৈ বনবিভাগ বিমোৰত।

এনে দৃশ্যই উপস্থিত ৰাইজক আমোদ দিয়াৰ বিপৰীতে উক্ত স্থান হৈ পৰে লোকে লোকাৰণ্য। ব্যস্ততাপূৰ্ণ সেই পথটোত সৃষ্টি হয় ব্যাপক যান-জঁটৰ৷ জাজৰি আৰক্ষী ব্যস্ত যান-জঁট আৰু ৰাইজৰ ভিৰ নিয়ন্ত্ৰণত ব্যস্ত থকাৰ সমান্তৰালকৈ বনকৰ্মী গভীৰ চিন্তাত মগ্ন কেনেকৈ অজগৰকৰায়ত্ত কৰিব পাৰি বা খেদি পঠিয়াব পাৰি৷ কাজেই, অজগৰ কাণ্ডই বেছ আলোড়নৰ সৃষ্টি কৰে বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত৷ তথাপিও বাতৰি লিখাৰ সময়লৈকে অজগৰটোক গছৰ পৰা নমাব  পৰা নাই বন বিভাগে৷