গুৱাহাটীঃ ৰাজনৈতিক দলৰ নেতাসকলে মহিলা সৱলীকৰণৰ কথা কৈ আহিছে বিভিন্ন সময়ত৷ সংসদৰ বাহিৰে ভিতৰে তেওলোকে নাৰীৰ উন্নয়নৰ বাবে সৰৱ৷ মহিলাৰ বাবে ইটো কৰিম সিটো কৰিম বুলি বৰ বৰ কথাৰে ভাষণ প্ৰদান কৰি আহিছে৷

কিন্তু কথা আৰু কামৰ মাজত আকাশ পাতল প্ৰাৰ্থক্য দেখা যায়৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচন সমূহত মহিলাক ৰাজনৈতিক দল সমূহে দলিয় টিকট প্ৰদানত হেমাহি কৰা দেখা যায়৷ দেশৰ মহিলাসকলে দেশৰ সংসদীয় ব্যৱস্থাত অংশ লৈ দেশক সেৱা কৰিব বিচাৰে যদিও ৰাজনৈতিক দল সমূহে তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

মহিলাৰ বাবে লোকসভা, বিধানসভা, ৰাজ্য সভা আৰু পঞ্চায়ত পৰ্যালৈককে আসন সংৰক্ষণ কৰাৰ দাবী জনাই আহিছে সকলো পক্ষই৷ কিন্তু মঙলবাৰে অনুষ্ঠিত হোৱা নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম হোৱা কাণ্ডই ৰাজনৈতিক দল সমূহৰ প্ৰকৃত স্বৰূপটো উদঙাই দিয়ে৷

নাগালেণ্ডত এতিয়ালৈ কোনো মহিলাই বিধানসভা নিৰ্বাচনত জয়ী হৈ বিধানসভালৈ যোৱা নাই৷ এইবেলি নাগালেণ্ডত ৫গৰাকী মহিলা আৰু মেঘালয়ত ৩২গৰাকী মহিলাই নিৰ্বাচনত বিভিন্ন দলৰ পৰা থিয় দিছে৷ নগণ্য সংখ্যাক মহিলাক সংসদীয় ব্যৱস্থাত জৰিত কৰোৱাই দল সমূহে একপ্ৰকাৰ নাৰীক উপলুঙা কৰিছে বুলি চৰ্চা হৈছে৷