
নগাঁওঃ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁও জিলাৰ বৰদোৱা (আলিপুখুৰী)ৰ পবিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও বুধবাৰৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে দৌলযাত্ৰা মহোৎসৱ আড়ম্বৰপূৰ্ণভাবে আৰম্ভ হৈছে৷ স্মৰ্তব্য যে, ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত 'গুৰুচৰিত'ত উল্লেখ কৰা মতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাত্ৰ একৈশ বছৰ বয়সতে বৰদোৱা সত্ৰত পোন প্ৰথমে দৌল উৎসৱৰ আৰম্ভ কৰিছিল৷
'গুৰুচৰিত'ত প্ৰকাশ কৰা অনুসৰি তাল, খোল, শংখ আদিৰ মাংগলিক ধ্বনিৰ মাজেৰে মহাপুৰুষজনাই কৰা দৌলগীত গাই দৌললৈ যাত্ৰা কৰি দৌলত গোঁসাই মূৰ্তি স্থাপন কৰি গন্ধ গায়৷ ইয়াৰ পিছত শংকৰদেৱে হাতত তিল আৰু কুশ লৈ হৰিনাম পৰিবেশনেৰে গোঁসাই মূৰ্তিক দৌলত থৈ ঘৰা-ঘৰি যায়৷ পিছদিনা পুৱাতে গা-পা ধুই লৈ দৌলৰ কাষলৈ আহি শংকৰদেৱে বন্দনা কৰে৷
ভকতসকলেও ঢোল-খোল বজাই গীত জোৰাৰ লগতে ফাকুগুড়ি ছটিয়াই আৰু আনন্দ-স্ফূৰ্তিত মতলীয়া হৈ পৰে৷ এনেদৰেই মহাপুৰুষজনাই সমাজত কৃষ্ণভক্তিৰ ৰস বোৱাই দিবলৈকে বৰদোৱাত দৌল উৎসৱৰ পাতনি মেলিছিল বুলি জনা যায়৷ বহু যুগৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম-ধৰ্ম প্ৰচাৰৰ নিমিত্তে স্থাপন কৰি থৈ যোৱা কীৰ্তন ঘৰক কেন্দ্ৰ কৰিয়েই বৰ্তমানৰ আকৰ্ষনীয় পৰ্যটকস্থলীলৈ ৰূপান্তৰিত হোৱা বটদ্ৰৱা থানত প্ৰতি বছৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে জাকজমককৈ উদযাপন কৰি অহা এই দৌল উৎসৱ অসমৰ জনজীৱনৰো এক অংগ হৈ পৰিছে৷
ফলত এই উৎসৱ উপলক্ষে সমগ্ৰ বৰদোৱা অঞ্চলত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ প্ৰায় এমাহ জোৰা প্ৰস্তুতি আৰু অধীৰ অপেক্ষাৰ অন্তত বৰদোৱাবাসী ৰাইজ আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে ৷ কাৰ্যসূচী অনুসৰি আজি গন্ধ উৎসৱ পালন কৰা হয়৷
পূৰ্ব পৰম্পৰা আৰু আচাৰ-নীতি অনুসৰি পালিত এই উৎসৱ উপলক্ষে পুৱাৰে পৰা থান প্ৰাংগণত অগণন ভক্তৰ সমাগম হয়৷ পুৱা ৫ বজাৰ পৰৰ একাদিক্ৰমে তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্ৰসংগ, ভকতৰ নাম, ভাগৱত পাঠ, গুণমালা, ভটিমা প্ৰসংগ আদিৰ সমাপ্তিত সন্ধিয়া গায়ন-বায়নৰ দ্বাৰা সম্পূৰ্ণ ধাৰ্মিক পৰিবেশত শ্ৰী কৃষ্ণৰ মূৰ্তিভাগ (গোঁসাই)ক কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি স্নান কাৰ্য সম্পাদন কৰি পবিত্ৰ আকাশী গংগাৰ তীৰত গন্ধ ঘৰ পোৰা উৎসৱ পালন কৰাৰ পিছত গোঁসাইক ৰভা তলত স্থাপন কৰাৰ লগতে গায়ন-বায়নৰ দ্বাৰা ৰাম ধেমালি গীত পৰিবেশন কৰা হয়৷
পৰবৰ্তী পৰ্যায়ত গোঁসাইক গন্ধ তেলেৰে নোৱাই-ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰোৱাই গন্ধ উৎসৱ সম্পন্ন কৰা হয় ৷কাইলৈ পুৱাৰ ভাগত নিত্য-নৈমিত্তিক প্ৰসংগ সম্পন্ন হোৱাৰ পিছত দুপৰীয়া গায়ন-বায়নৰ দ্বাৰা ন-ধেমালীৰ মাজেৰে গীত পৰিবেশন আৰু গোঁসাই পূজাৰ অন্তত গোঁসাইৰ মুৰত ফাকু দিয়া উৎসৱ পালন কৰা হ’ব৷ তদুপৰি ইয়াৰ পিছদিনা বিয়লি ২ বজাত গোঁসাইক সু-সৰ্জ্জিত আসনত বহুৱাই ৰভা তলৰ পৰা দোলা ৰথত ফুৰাবলৈ নিয়া উৎসৱ পালন কৰা হ’ব৷
সন্ধ্যা গোঁসাইৰ প্ৰত্যাৱৰ্তন আৰু কীৰ্তন ঘৰত প্ৰৱেশৰ পিছতে পৰম্পৰাগত দুৱাৰ ধৰা অনুষ্ঠানৰ দ্বাৰা গোঁসাই ফাকুৱা উৎসৱৰ সামৰণি পৰিব৷ ইফালে,দৌল মহোৎসৱৰ চতুৰ্থ আৰু পঞ্চম দিনা থান পৰিচালনা সমিতিয়ে বিস্তৃত এলেকা জুৰি দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ নিমিত্তে ব্যৱস্থা কৰা আকৰ্ষণীয় ৰঙৰ হাট অবিৰতভাবে চলি থকাৰ লগতে তীৰ্থযাত্ৰীসকলৰ থানসেৱা কাৰ্যও অব্যাহত থাকিব৷ তদুপৰি পবিত্ৰ আকাশী গংগাৰ পাৰত নিশাৰ ভাগত প্ৰতি দিনেই অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান৷