চাবুৱাঃ পৰিৱৰ্তনৰ শ্ল'গান আওৰাই শাসনৰ গাদীলৈ অহা ৰাজ্য চৰকাৰখনৰ শিক্ষা বিভাগ এতিয়া চৰম ব্যৰ্থ৷ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত গছৰ তলত, মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে৷ গভীৰ নিদ্ৰাত বিভাগীয় বিষয়া-কৰ্মচাৰী৷

চৰকাৰে প্ৰাথমিক শিক্ষাক অধিক ফলপ্ৰসূ কৰাৰ বাবে বিদ্যালয় সমুহত মধ্যাহ্ন ভোজন, গুণগত শিক্ষা ব্যৱস্থাকে আদি কৰি বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰাৰ সময়ত ৰাজ্যৰ একাংশ বিদ্যালয়ত কণ কণ ছাত্ৰ -ছাত্ৰীয়ে মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ 

চাবুৱাত এবছৰ ধৰি প্ৰায় ২৫ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে গছৰ তলত পাঠগ্ৰহণ কৰি থকাৰ লগতে একেটা শ্ৰেণীকোঠাতেই পাঠগ্ৰহণ কৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি যোৱা কেইমাহমানৰ পৰা সৰব হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতি।

সংগঠনটোৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈয়ে বুধবাৰে এক বিবৃতিৰ জৰিয়তে কয় যে যি সময়ত শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা উৎসৱৰ নামত কোটি কোটি টকা ব্যয় কৰি উন্নয়নৰ চমক দিবলৈ চেষ্টা কৰি আছে ঠিক সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয় , সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত শিক্ষাদান দিয়াৰ নামত কণ-কণ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি আহিছে শিক্ষা বিভাগে।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত অহা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত পানীতোলা শিক্ষাখণ্ডৰ অন্তগত প্ৰায় ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছিল। বহুকেইখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিনপাট বতাহ-ধুমুহাই উৰুৱাই নিয়াৰ ফলত এতিয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ বাবে শিক্ষকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইপিনে বহুকেইখন বিদ্যালয়ত এটা ৰুমতেই পাঁচটা শ্ৰণীকোঠাৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিলগীয়া হৈছে।

কিছুমান বিদ্যালয়ত খেলপথাৰৰ গছৰ তলতো পাঠদান কৰিলগীয়া এক পৰিবেশৰ সৃষ্টি হৈছে । সংগঠনটোৱে লগতে কয় যে ৯ জুলাই তাৰিখে সংগঠনটোৱে চাবুৱা চাৰিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছিল। ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চৰকাৰী বিদ্যালয়সমূহ ১ মাহৰ ভিতৰত নিমাৰ্ণ কৰি ছাত্ৰ ছাত্ৰীসকলক এক সুস্থিৰ পৰিবেশত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে।

লগতে সংগঠনটোৱে ২০ জুলাই তাৰিখে অইল ইণ্ডিয়া লিমিটেডক তিনিখন বিদ্যালয় নিমাৰ্ণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু চৰকাৰ বা অইল কৰ্তৃপক্ষই বিষয়টোত অলপো গুৰুত্ব নিদিয়াত ২৭ তাৰিখৰ পৰা সংগঠনটোৱে টেঙাখাত-চাবুৱা অঞ্চলত থকা অইল সমূহৰ কাম বন্ধ কৰি দিছিল। তাৰ পিছতেই অইল ইণ্ডিয়া কৰ্তৃপক্ষই সংগঠনটোৰ লগত আলোচনা কৰি এমাহৰ ভিতৰত বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰশাসন বা অইল ইণ্ডিয়া কৰ্তৃপক্ষই বৰ্তমানলৈকে প্ৰতিশ্ৰুতি পালন নকৰাত এতিয়া জাঙোৰ খাই উঠিছে ছাত্ৰ সংগঠনটো।

ছাত্ৰ নেতাজনে ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা কোনো পধ্যেই সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰি প্ৰশাসনক ৭ দিনৰ চৰম সময়সীমা প্ৰদান কৰিছে সংগঠনটোৱে। অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ম বুলি জিলা প্ৰশাসনক সকিয়াই দিছে আৰু ইয়াৰ ফলত হ’বলগীয়া যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন জগৰীয়া হ’ব বুলি বিবৃতিটোত জানিবলৈ দিয়ে ।