প্ৰতিকি ফটো
প্ৰতিকি ফটো

কোকৰাঝাৰঃ ৰাজ্যৰ বহু ৮-৯ বছৰৰ শিশুৱে শ্ৰমিকৰ হিচাপে আনৰ চাহৰ হোটেলত-দোকানত কাম কৰিব লগা হয়৷ দৰিদ্ৰতাৰ বাবে পৰিয়ালক সহায় কৰাৰ স্বাৰ্থত আনৰ ঘৰত বনকৰা শ্ৰমিক হিচাপে থাকিবলৈ বাধ্য হয়৷ ভয়াবহ শ্ৰমৰ বোজা লব লগা হয় বহু শিশুৱে। যাৰ ফলত কলিতে মৰহি যায় বহু ভৱিষ্যৎ৷ বহু শিশু শ্ৰমিকে কাম কৰা আজিও দেখা যায়। শিশুক শ্ৰমিক ঘৰত কাম কৰাকৈ ৰখাটো এক অপৰাধ বুলি গণ্য কৰা হৈছে৷

অপৰাধ বুলি গণ্য কৰাৰ পিছতো বিটিএডিৰ বন বিভাগৰ চি এইচ ডি তানীন্দ্ৰ স্বৰ্গিয়াৰীৰ ঘৰত গোসাইগাঁৱৰ প্ৰায় বাৰ বছৰীয়া নাবালিকা এগৰাকীক বিগত দুই বছৰে বনকৰাকৈ ৰাখি শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ঘটনাক ৰাজ্যিক শিশু অধিকাৰ আয়োগে গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত ক্ৰমে ৩৭০/১৩/১৪/৭৫ ধাৰাত ৮৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, গোঁসাইগাঁও থানাৰ অন্তৰ্গত পদ্মবিল গাঁৱৰ অতি দৰিদ্ৰ জলধৰ ৰায় নামৰ ঠেলা চালকৰ কন্যা জয়ন্তী বালা ৰায়ক গাঁৱৰে সম্পৰ্কীয় পেহীয়েক শান্তি বালা ৰায়ে নানা ধৰণৰ প্ৰলোভন দেখুৱাই ২০১৫ চনৰ ডিচেম্বৰ মাহত ঘৰৰ বনকৰা ছোৱালী হিচাপে লৈ আহে। প্ৰকাশ যে উক্ত সময়ত জয়ন্তী পঞ্চম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দি আছিল। তাৰ পিছত পেহীয়েকে জয়ন্তীক বন বিষয়া তানিন্দ্ৰ স্বৰ্গিয়াৰীৰ ঘৰত কাম কৰাকৈ থয়।

বন বিষয়া তানিন্দ্ৰ স্বৰ্গিয়াৰীৰ ঘৰত কাম কৰাকৈ থোৱাৰ পিছৰে পৰা মাত্ৰ দহবছৰীয়া জয়ন্তীক পৰিয়ালটোৱে নানা ধৰণৰ শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাই নহয় প্ৰায় দুমাহ পূৰ্বে তাইৰ সোঁহাত খন ভাগি যোৱাৰ পিছতো তাইক কোনো ধৰণৰ চিকিৎসা নকৰায়। বৰপেটাত কবিৰাজী চিকিৎসা কৰায় যদিও জয়ন্তীৰ হাতখন সম্প্ৰতি অকামিলা হৈ পৰিছে। তেনে অৱস্থাত যোৱা দুবছৰে ঘৰলৈ যাব নিদিয়া, ঘৰৰ পৰা বাহিৰ ওলাব নিদিয়া, ঘৰখনৰ বিভিন্ন কাম কৰোৱাৰ লগতে তানিন্দ্ৰৰ পত্নী মায়া স্বৰ্গিয়াৰীয়ে তেওঁলোকৰ সন্তানৰ পায়খানা কৰাৰ পিছত ধুৱাই দিয়াকে লৈ সমস্ত কাম কৰোৱায়৷

জয়ন্তীয়ে চলিত বৰ্ষৰ শিৱৰাত্ৰীৰ দিনাটোত দেউতাকৰ সৈত ঘৰলৈ আহে। বিষয়া তানিন্দ্ৰ স্বৰ্গিয়াৰীৰ পত্নীয়ে ইয়াৰ পিছতো জয়ন্তীৰ আত্মীয়ক নানা ধৰণৰ ভাবুকি প্ৰদান কৰি আহিছে। যাৰ ফলত দৰিদ্ৰ পৰিয়ালটোৱে ভয়তে মুখ খুলিব খোজা নাই বুলি জানিব পৰা গৈছে। অৱশ্যে কোকৰাঝাৰ লেবাৰ বিভাগ, আৰক্ষী আৰক্ষী বিভাগ আৰু শিশু কল্যাণ সমিতিয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।