চাবুৱা : বছৰ বছৰ ধকি জনজাতিকৰণৰ দাবী কৰা অহা আদিবাসীৰ-চাহজনগোষ্ঠীৰ লোকসকল পুনৰ প্ৰতিবাদত মুখৰ হৈ পৰিছে৷ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে।

ৰাজ্যখনত বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীৰ লোকসকলক চৰকাৰে জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল নিৰ্বাচনৰ পূৰ্বে৷ কিন্তু বৰ্তমানলৈকে চৰকাৰে এই লোকসকলৰ কোনো সমস্যা পূৰণ কৰিব পৰা নাই৷ যাৰ ফলত আদিবাসীয়ে ভোগ কৰি অহা সমস্যা সমূহ সমাধানৰ বাবে মঙ্গলবাৰে চাবুৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে।

সংগঠনটোৰ সদস্য সকলে  ঘাইপথ অৱৰোধ কৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত বহু সময় ‘বিজেপি চৰকাৰ হায় হায়, শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস হায় হায়’ মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। চাবুৱাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ সভাপতি বীছা মুণ্ডা আৰু সম্পাদক ৰুস্তম কুজুৰে আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘ দিন ধৰি সংগ্ৰাম চলাই অহাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ ব্যক্ত কৰে।

সংগঠনটোৱে ৰাজ্যখনত কৰ্মৰত প্ৰায় ৪০ লাখ আদিবাসী লোকৰ ভূমি অধিকাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি স্মাৰকপত্ৰ প্ৰদান কৰে। এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া নেতাদ্বয়ে ৰাইজৰ স্বাৰ্থত চৰকাৰে শীঘ্ৰে উক্ত দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনতো প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি জনায়৷