
ডিজিটেল ডেস্কঃ গো-হত্যা, লাভ জেহাদৰ পিছত এইবাৰ মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলােৱাৰ পিছতেই ইটোৰ পিছত সিটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হ’ব ধৰিছে৷ তাৰ লগে লগে চতুৰ্থটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হৈছে দেশত৷
Here is the vandalised statue of #Ambedkar @ Meerut of Utter Pradesh,4 miscreants were involved in it! 1) Lenin statue vandalised 2) @HRajaBJP post & Periyar statue 3) Sayam mukerji statue vandalised 4) Ambedkar statue now!
— Amul Sathya (@2a907d5df97146c) March 7, 2018
Instigation,counter & violence! pic.twitter.com/VrgkHIHNmj
এইবাৰ দেশৰ সংবিধান নিৰ্মাতা ভীমৰাও আম্বেদকাৰৰ আৱক্ষ মূৰ্তি ভাঙিলে উত্তৰ প্ৰদেশত৷ অচিনাক্ত দুৰ্বৃত্তই মিৰাটৰ মেৱানাস্থিত ভীমৰাও আম্বেদকাৰৰ মূৰ্তি ভাঙি পেলায়৷ জানিব পৰা মতে, মঙলবাৰে নিশা মূৰ্তিটোত আক্ৰমণ কৰে ক্ষতি কৰে৷ যাৰ ফলত ৰাইজ উত্তেজিত হৈ পৰে৷ দলিত লোকে ইতিমধ্যে মেৱানাৰ ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
পুৱাই ৰাজ পথলৈ ওলাই আহি পথ অৱৰোধ কৰাৰ লগতে চৰকাৰক ধিক্কাৰ জনায়৷ প্ৰশাসনে মূৰ্তিটো পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে৷ ত্ৰিপুৰা, তামিলনাডু, কলকাতাৰ পিছত এইবাৰ মেৱানাত এই ঘটনা সংঘটিত হয়৷ মূৰ্তি ভঙাৰ খেল হে যেন আৰম্ভ কৰিলে ত্ৰিপুৰাৰ বিজেপিয়ে৷ ত্ৰিপুৰাত বিজেপিয়ে এই খেল খন আৰম্ভ কৰাৰ পিছতেই দেশ ব্যাপি আৰম্ভ হ’ব ধৰিলে মূৰ্তি ভঙাৰ কলা অধ্যায়ৰ৷
কলকাতাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তি ভঙাৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়ে অসন্তোষ প্ৰকাশ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে৷ ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠনৰ প্ৰাকমুহূৰ্তত লেনিনৰ মূৰ্তি ভাঙি গৰিহণাৰ পাত্ৰ হৈছেল বিজেপি৷
এই ঘটনাৰ যৱনিকা পৰাৰ বিপৰীতে বিজেপি নেতাই টুইট কৰি ইভি ৰামাস্বামীৰ মূৰ্তি ভঙাৰ বাবে উৎসাহিত কৰিছিল৷ তাৰ পিছতেই বিজেপি নেতাই আক্ৰমণ কৰে ইভি ৰামাস্বামীৰ আৱক্ষ মূৰ্তিত৷ এইবাৰ শাসক বিজেপিৰ দৰেই বিৰোধী লিপ্ত হ’ল মূৰ্তি ভঙাৰ খেলত৷ কলকাতাত হাতুৰিৰে জনসংঘৰ প্ৰতিষ্ঠাতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মূৰ্তিত আক্ৰমণ কৰে দুৰ্বৃত্তই৷ ইমানে নহয় মূখত কলা চিয়াহী সানে শ্যামা প্ৰসাদৰ মূৰ্তিত৷