ওদালগুৰিঃ যোৱা ০৭ মাৰ্চত বিভিন্ন সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বিটিচিৰ ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত ভুল আছিল বুলি কৈছিল হাগ্ৰামা মহিলাৰীয়ে৷ 

বিটিএডি এলেকা অগ্নিগৰ্ভা হৈ পৰাৰ আশংকা কৰি যোৱা ০৭ মাৰ্চত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ত সদৌ অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ গোৰ্খা সন্মিলনী আৰু বিটিচি গোৰ্খা ছাত্ৰ সন্থাৰ সৈতে এক বৈঠকত অনুষ্ঠিত কৰি বৈঠকত কেবিনেট পৰিষদৰ সভাত লোৱা খছৰা প্ৰস্তাৱ ভুল আছিল বুলি মন্তব্য প্ৰকাশ কৰিছিল৷ 

হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত সকলো জাতি-জনগোষ্ঠীয়ে সম-অধিকাৰ লাভ কৰিব বুলি কৈছিল৷ বিটএডিত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিৱেশৰ শাম কাটিবৰ বাবে হাগ্ৰামা মহিলাৰীয়ে চেষ্টা অব্যাহত ৰাখিছে৷ তাৰ মাজতে যেন কেচা ঘাত যেন কলা সাৰ হে সানিলে বিপিএফ নেতা বিশ্বজিৎ দৈমাৰিয়ে৷

যোৱা প্ৰায় ৭টান দিন বিটিএডিৰ ৰাজ পথ উত্তাল হৈ থকাৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে খোদ নেতৃত্বলৈ পৰিৱেশ ক্ষান্ত কৰিবলৈ নেৰানেপেৰা চেষ্টা কৰি থকাৰ সময়তে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ঘটলে মহা বিস্ফোৰণ৷

বিটিচিৰ নতুন ভূমি-নীতিক লৈ প্ৰতিবাদ কৰিবলৈ এৰাৰ সময়তেই শুকুৰবাৰে পুনৰ বিস্ফোৰণ ঘটালে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। ওদালগুৰিৰ বৰ্নগাঁওস্থিত নগাৰী পথাৰত সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি সাংসদ গৰাকীয়ে অবড়ো নেতাসকলে ইচ্যু লৈ জীয়াই আছে বুলি কয়।

তেওঁলোকৰ ইচ্যুৰ নামত ইচ্যু কৰাটো এক স্বভাৱত পৰিণত হৈছে। বিটিচি আৰু বিটিচিৰ অন্তৰ্গত ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুটা পৃথক বিষয়। বেল্ট এণ্ড ব্লকত সংৰক্ষিত শ্ৰেণী থাকে কিন্তু বিটিচিৰ অন্তৰ্গত বেল্ট এণ্ড ব্লকৰ বাহিৰত কোনো ধৰণৰ সংৰক্ষিত শ্ৰেণী নাথাকে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত সংৰক্ষিত শ্ৰেণী হিচাপে থকা লোকসকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত সাধাৰণ শ্ৰেণী হিচাপে পৰিগণিত হ’ব।

সেয়েহে ষষ্ঠ অনুসূচী এলেকাৰ ভিতৰৰ ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ বাহিৰত সংৰক্ষিত শ্ৰেণীয়ে জনজাতি লোকৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। উক্ত অঞ্চলত বাস কৰা গোৰ্খাকে ধৰি ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ ভিতৰত সংৰক্ষিত হিচাপে থকা জনগোষ্ঠীৰ লোকে অসমৰ বিভিন্ন অঞ্চলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ক্ৰয় কৰিব পাৰিব কিন্তু সেই অঞ্চলৰ জনগোষ্ঠীৰ লোকসকলে বিটিচি অঞ্চলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰৰ জনজাতিয় লোকৰ মাটি ক্ৰয় কৰিব নোৱাৰিব। 

অৰ্থাৎ বিটিচি অঞ্চলত কেৱল জনজাতি লোকৰ ভূমি জনজাতিৰ লোকেৰ হাততহে ট্ৰেনস্ফাৰ হ’ব। বিটিচি অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি অজণজাতি লোকে কিনিব নোৱাৰে কিন্তু উক্ত অঞ্চলত অজণজাতি লোকৰ মাজত মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো অসুবিধা নহব। 

জনজাতিয় লোকে মাটি বিক্ৰী কৰিবলৈ হ'লে বিটিচি কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক হ’ব। তেওঁ কয় যে, বিটিচিৰ বাহিৰৰ জনজাতিৰ লোকে বিটিচি অঞ্চলত কেতিয়াও মাটি ক্ৰয় কৰিব নোৱাৰিব। সাংসদগৰাকীয়ে নৱ কুমাৰ শৰণীয়াক কটাক্ষ কৰি কয় যে, তেওঁৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত থকা নিজৰ মাটিও তেওঁ অজনজাতি লোকৰ হাতত বিক্ৰী কৰিব নোৱাৰে।

কিন্তু বুজাপৰাৰ মাধ্যমেৰে মাটি লিজত ল'লে কোনো আপত্তি নাই বুলিও জানিবলৈ দিয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে গোৰ্খা, নাথ, যোগীসকলৰ ক্ষেত্ৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত ভুমিৰ অধিকাৰ থাকিব যদিও কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কেৱল কোকৰাঝাৰ আৰু চিৰাঙতহে এই অধিকাৰ থাকিব৷

কিয়নো অসম চৰকাৰে তেওঁলোকক অবিভক্ত গোৱালপাৰাৰ বুলি পূৰ্ৱতে জাননী দিছে। উল্লেখ্য বিষয় যে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাৰম্বাৰ ভুল হোৱা স্বীকাৰ কৰি আছে যদিও সাংসদগৰাকীৰ মুখত এবাৰো শুনা নগ'ল এই ভাষ্য। ফলত জনসাধাৰণৰ মাজত এক শংকা বৰ্তমানলৈও ৰৈ যোৱা পৰিলক্ষিত হ'ল।

উল্লেখ্য যে, যোৱা ১২ ফেব্ৰুৱাৰীত বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লয় বিটিচিৰ শাসকীয় দল বিপিএফে৷

ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লয়৷ এই কথা প্ৰচাৰ হোৱাৰ পিছতেই ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছিল৷