কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপৰ চান্দামাৰীস্থ বডোফা সাংস্কৃতিক প্ৰকল্পত দেওবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ, বড়োলেণ্ড গ্ৰন্থ মেলা, বিশেষ সাহিত্য উৎসৱ, সদৌ ভাৰত বহুভাষিক কবিতা অাবৃত্তি, যুৱ বড়ো লিখক উৎসৱ, বড়ো ভাষা শিক্ষা শিকন প্ৰশিক্ষন শিবিৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা৷

নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া, সাহিত্য অকাডেমী তথা বিটিচি কতৃপক্ষৰ সহযোগত আৰু বড়ো লেখক সন্থাৰ উদ্যোগত দহ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ, বডোলেণ্ড গ্ৰন্থ মেলা তথা আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আজি বিয়লী শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্ব গয়াৰীয়ে৷

উদ্বোধনী অনুষ্ঠানত বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসূমতাৰী, বড়ো সমাজৰ সভাপতি ৰাজেন্দ্ৰ বড়ো, লেখক সন্থাৰ সাধৰণ সম্পাদক ড০ ৰনেন চন্দ্ৰ মুছাহাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে বাণিজ্য মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও বহিৰাষ্ট্ৰ থাইলেণ্ড, বাংলাদেশ, নেপাল আৰু ভূটানৰ ব্যৱসায়ীক প্ৰতিষ্ঠানে অংশ গ্ৰহন কৰিছে৷

তদুপৰি অনুষ্ঠানটিৰ বিভিন্ন কাৰ্যসূচীত কেইবাখনো বহি ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে অনুষ্ঠনটিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ২০ মাৰ্চৰ পুৱা ৯ বজাত জনজাতি লেখক আৰু প্ৰকাশক গোষ্ঠীৰ সভাৰ লগতে শিক্ষানুষ্ঠানবোৰক পুথি বিতৰণ৷ বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা কৰিব লগা সভাখন উদ্বোধন কৰিব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শিক্ষা সঞ্চালক ৰবি শংকৰ বৰগোৱাৰীয়ে৷

অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডনেছিয়াৰ বিশিষ্ট বালি  সাহিত্যিক চনিয়া পিছকায়েন্টিয়ে ৷ নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডনেছিয়াৰ গণেশা বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ড০ পুটু কেৰ্টি নিটিয়াছিহ আৰু ড০ লুহ পুটু আৰ্টিনি৷ পুৱা ১০ বজাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক  প্ৰদৰ্শন৷

পুৱা ১১ বজাৰ মুকলি সভাখন মুকলি কৰিব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ নেচনেল বুক ট্ৰাষ্টৰ অধক্ষ্য ড০ বালদেও ভাই শৰ্মাই৷ নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগোৱাৰী, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷ সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমান্দ ৰাজবংশী, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু অসমৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চন্দন ব্ৰহ্ম উপস্থিত থাকিব৷