
কোকৰাঝাৰঃ মহামনীষীাৰ প্ৰতিমূৰ্তি ভঙাৰ ৰাজনীতি অব্যাহত আছে৷ ত্ৰিপুৰাত বিজেপিয়ে শাসনভাৰ দখল কৰাৰ পিছতে লেনিনৰ প্ৰতিমূৰ্তি ভাঙি আৰম্ভ কৰা অপসংস্কৃতি যেন এতিয়া দেশৰ সৰ্বত্ৰে বিয়পি পৰিছে। উত্তৰ প্ৰদেশ, পশ্চিম বংগ, তামিলনাডু পিছত এইবাৰ অসমত আৰম্ভ হৈছে মূৰ্তি ভঙাৰ পৰ্ব৷
দেশৰ বিভিন্ন প্ৰান্তত মনিষীসকলৰ প্ৰতিমূৰ্তি ভঙাৰ পিছত এইবাৰ ৰাজ্যৰ কোকৰাঝাৰ সদৰ চহৰত থকা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি মঙলবাৰে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
বিপিএফ আৰু বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ বৰ্তি থকাৰ সময়তে বিপিএফৰ ঘাটিস্বৰূপ কোকৰাঝাৰ চহৰত এনেদৰে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ধ্বংস কৰা কাণ্ডক বিজেপি কৰ্মীসকলে সহজভাৱে লোৱা নাই। জানিব পৰা মত, প্ৰতিমূৰ্তি ধ্বংস কৰা ঠাইত জিলা বিজেপি সভাপতি বিভূতি বৰগয়াৰীকে ধৰি বিজেপিৰ নেতা কৰ্মীসকল উপস্থিত হৈ অপকাণ্ডৰে জড়িত দুৰ্ষ্কৃতিকাৰীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ।
অসম ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক শিৱনাথ ব্ৰহ্মই ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধন কৰা ঘটনাক গৰিহণা দি দোষীক কৰায়ত্ব কৰি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। ঘটনাস্থলীত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙ আৰু উপায়ুক্ত নিৰঞ্জন বৰুৱা উপস্থিত হৈ দুৰ্ষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰা হ’ব বুলি সদৰী কৰে৷
আনহাতে ইউপিপিএলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰাৰ আহ্বান জনাইছে। উৰ্খাও গৌৰা ব্ৰহ্মই এয়া সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ বাবে দুৰ্ষ্কৃতিকাৰীয়ে চলোৱা অপচেষ্টা বুলি কৈ সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাই৷