বঢ়মপুৰঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে বুধবাৰে নগাঁৱৰ চামগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী শ্ল’গানৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

বিজেপি চৰকাৰ হায়-হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলা আটছাৰ নেতা-কৰ্মীয়ে। চাহ জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠী প্ৰধান এলেকাত উচ্চ শিক্ষানুষ্ঠান স্থাপন কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত চামগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে আটছাই।

প্ৰায় এক ঘণ্টা কাল প্ৰতিবাদৰ অন্তত সংগঠনটোৱে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া সঞ্জীৱ দলৈৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰে ৰাজ্য চৰকাৰক৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰে সংগঠনটোৱে উত্থাপন কৰা দাবী সমূহৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে৷ নিৰ্বাচনৰ সময়তহে চাহ জনগোষ্ঠীত চিনি পাই বুলিও বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷