ওদালগুৰিঃ মঙলবাৰে নিশা বিটিএডিৰ কোকৰাঝাৰত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিগ্ৰস্থ কৰা কাৰ্যক গৰিগণা দিয়ে শাসকীয় দল বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিয়ে।

ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সমগ্ৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। উপযুক্ত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়। যি সময়ত বহিঃৰাজ্যত আৱক্ষ মূৰ্তি ক্ষতিগ্ৰস্থ কৰাক লৈ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে তেনে সময়তে এনে কাৰ্য অসমত সংঘটিত হোৱা কাৰ্যই কিহৰ ইংগিত বহন কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।