গুৱাহাটীঃ অসম মুলুকত কিছুদিন পূৰ্বলৈ আলফা নেতা বুলি কলে অলপ সমীহ কৰিছিলেই৷ এতিয়া যেন জোৰ নোহোৱা হল আলফাৰ৷ একালৰ দুৰ্ধৰ্ষ নামধাৰী হীৰা, জিতেন, প্ৰৱাল, অনুপ হঁতক এতিয়া নিজ জন্মভূমিতে ভাবুকি দিব পৰা হ’ল কোনোৱে৷ সেয়াও মুকলিকৈ৷ এয়া লাজৰ বিষয় নহয় প্ৰকৃততে এয়া চিন্তাৰ হে বিষয়৷ বঙালী সংগঠনৰ এইবাৰ টাৰ্গেট আলফা নেতা৷ 

সেয়াও সৰু সৰু আলফা নেতা নহয় একালৰ মহা প্ৰতাপী যাক বিছাৰি সেনা-আৰক্ষীয়ে হাবি-জংঘল চলাধ কৰিছিল৷ সেইগৰাকী জিতেন দত্তক মুকলি ভাবুকি প্ৰদান কৰিছে এটি অখ্যাত বাঙালী সংগঠনে৷ 

তথাকথিত, দত্তক স্বয়ম্ভু নেতা আখ্যা দিয়া হৈছে৷ আলফা নেতা জিতেন দত্তই ফেচবুকত এটি আপডেট দিয়াৰ পিছতেই বাঙালী জনমুক্তি বাহিনী নামৰ এটি অখ্যাত সংগঠনে মৌলিক অধিকাৰৰ কথা উল্লেখ কৰি ভাৰতৰ সংবিধান মানে নে নাই বুলি জিতেন দত্তক প্ৰশ্ন উত্থাপন কৰে৷ ইমানে নহয় বিগত দিনৰ পৰাই হিন্দু বাঙালীৰ বিৰুদ্ধে মাত মাতি অসমৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হোৱাৰ যি সপোন দেখিছে তাত আমি হস্তক্ষেপ নকৰো বুলি ইতিকিং কৰে৷

বাঙালী জনমুক্তি বাহিনীয়ে আৰু কয় ‘‘তেওঁক সকীয়াই দিওঁ যে, কোনোবা জাতীয় নেতাই নিজৰ ব্যক্তিগত মতামত দিব পাৰে৷ তাৰ বাক স্বাধীনতা আছে৷ ভাৰতত বাক স্বাধীনতা থকা এটা আইন আছে কিন্তু এটা জাতিক লৈ দম্ভালিপূৰ্ণ মতামত দিয়াৰ পৰা যাতে বিৰত থাকে৷’’ এনেদৰে দত্তক একপ্ৰকাৰ বিবৃতিৰ জৰিয়তে ভাবুকি প্ৰদান কৰে৷

এটা সময়ত আপোনাৰ নামত ইমান এজাহাৰ দাখিল হৈছিল সেইবিলাক ৰি-অপেন কৰিলে আপোনাৰ নেতা হোৱাৰ সপোন ভাঙি চুৰমাৰ হৈ যাব৷ গতিকে আপোনাৰ বাক স্বাধীনতাৰ সীমা অতিক্ৰম নকৰিব৷ আমি ভাৰতৰ ভূমিপুত্ৰ ৮৫৫ জন শ্বহীদৰ ভিতৰত আমাৰো ১৫ জন শ্বহীদ হৈছিল আপুনি সেই কথাটো পাহৰিব নালাগে৷ 

আপুনি যধে মধে বক্তব্য নিদি আমাৰ হিন্দু বাঙালীৰ ইতিহাস অধ্যয়ন কৰিব৷ আমি সমাজ প্ৰিয় শান্তশিষ্ট ভাৱে বসবাস কৰা এটা সম্প্ৰদায়৷ আমাৰ ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰো অভ্যাস আছে৷ আমাৰ প্ৰত্যেক কৌশলেই জনা আছে৷ 

আপুনি বেলেগ ৰাজ্যৰ তুলনা নিদিব৷ যদিও আমি পশ্চিম বংগত সংখ্যাগৰিষ্ঠ তথাপি আমি কিন্তু তাত আপোনাৰ দৰে লেগাম নথকা ভাষণ নিদিওঁ ৷ সৰ্বশেষত, জিতেন দত্ত ডাঙৰীয়া আপুনি ইমান দম্ভালিপূৰ্ণ বক্তব্যৰ পৰা বিৰত থাকক, শান্তিৰ অসমত অশান্তিৰ সৃষ্টি নকৰিব৷ ভাৰতৰ সংবিধান মানি চলিব, দেশৰ আইন শৃংখলাক অৱমাননা নকৰিব৷

⇒বিধান সভাৰ চৌহদত কি কৈছিল সুকুমাৰ বিশ্বাসে

⇒সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ সভাপতি সুকুমাৰ বিশ্বাসে ১৪ মাৰ্চত হিন্দু শৰনাৰ্থীক সংস্থাপনৰ দাবী জনোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিবল গৈ সংবাদ মাধ্যমৰ সন্মুখত বিদেশী সংস্থাপনৰ বিৰুদ্ধে কোনো সংগঠনৰ প্ৰতিবাদ কৰাৰ অধিকাৰ নাই বুলি কয়৷ সুকুমাৰ বিশ্বাসে সংবাদ মাধ্যমৰ সন্মুখত কয়, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবই লাগিব৷ কোনো কাৰণত অত্যাচাৰ চলিব নোৱাৰিব হিন্দু বাংলাদেশীৰ ওপৰত৷  

অসম বিধান সভাৰ মজিয়াত বাঙালী সংগঠনে এনেদৰে হুংকাৰ দিয়ে৷ অসমৰ দল-সংগঠনক ইতিকিং কৰি বিশ্বাসে আৰু কয় ‘‘অসমত কোনোবাই বিৰুদ্ধাচৰণ কৰিছে বেলেগ কথা কিন্তু ভাৰতত নগৰিকত্ব দিব লাগিব৷ নেতাগৰাকীয়ে অসমৰ জাতীয় দল-সংগঠনক প্ৰত্যাহ্বান জনাই হিন্দু নাগৰিকক নাগৰিকত্ব দিয়াৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই৷’’

অসমৰ সংগঠনৰ হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিব নালাগে বুলি কোৱাৰ অধিকাৰ আছে ভাৰতত নাগৰিকত্ব দিব নালাগে বুলি কোৱাৰ অধিকাৰ নাই বুলি স্পষ্ট কৰে৷ কাক সুৰক্ষা দিবলৈ কোনো প্ৰতিবাদ কৰে সুকুমাৰে জানো বুলি কয়৷ কোনোবাই অসমীয়া আৰু কোনোবাই বড়ো হিচাপে কৈ আছে তেওলোকে ভাৰতীয় হৈ কওক বুলি প্ৰত্যাহ্বান জনায়৷ 

এটা জাতি-জনগোষ্ঠীৰ সংগঠনে কিয় প্ৰতিবাদ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে৷ তেওলোকে বিশেষ জনগোষ্ঠী এটাক তোষামোদ কৰি আছে বুলি কয়৷ মুছলমানে সুকীয়া ৰাজ্য  লৈছে বুলি কৈ ভাৰতৰ পৰা পাকিস্তান আৰু বাংলাদেশ লোৱা বুলি কয়৷ ইমানে নহয় হিন্দু সংখ্যাগৰিষ্ঠতা থকা ৰাষ্ট্ৰ হিচাপে হিন্দু খিনিক ভাৰতত আশ্ৰয় দিব লগিব বুলি কয় সুকুমাৰে৷

⇒বিধান সভাৰ চৌহদত সুকুমাৰ বিশ্বাসৰ মন্তব্যৰ বিৰুদ্ধে জিতেন দত্তৰ প্ৰথম ফেচবুক আপডেট।

⇒বিধান সভাৰ চৌহদৰ পৰা বেংগলী যুৱ ছাত্র ফেদাৰচন দম্ভালি পূৰ্ণ বক্তব্য শুনি অসম চুক্তি সাক্ষৰকাৰী সকলৰ লাজ লাগিছে নাই নাজানো। ৮৫৫ জন শ্বহীদৰ ত্যাগক মুকলিকৈ অপমান কৰি সুকুমাৰ বিশ্বাসৰ যি দম্ভালি তাক আমি কিন্তু সহজ ভাবে ল'ব পৰা নাই। এই সংগঠনৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। নহলে অমি ৰাইজে এই সংগঠনক নিষিদ্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ম। এই দম্ভালি পশ্চিম বংগত গৈ দেখাওক। অসমৰ ভূমিত নহয়। সাৱধান কৰি দিছোঁ। আমি এতিয়াও জিয়াই আছো। লক্ষ্মণ ৰেক্ষা অতিক্ৰম নকৰিব। পৰিস্থিতি অতি ভয়ংকৰ হব।

⇒বিবৃতি প্ৰকাশৰ পিছত জিতেন দত্তৰ ফেচবুক আপডেট।

⇒কি আচৰিত কথা চাওকচোন৷ মোৰ মাতৃ ভূমিতেই মোক বঙালী জনমুক্তি বাহিনিৰ সকীয়নি । কোন হে এইজন মুখ্য সেনাধ্যক্ষ কমল পাল? সেই পাল বাবু আমি ভয় খাবলৈ শিকাই নাই। এই ধৰণৰ সকীয়নি বেলেগক দিব মোক নহয়। দ্বিতীয় কথা হ'ল মই হিন্দু বঙালী বিৰোধী নহয়। মই ৭১ৰ পিছত অহা বাংলাদেশীৰ বিৰুদ্ধাচৰণ কৰিছোঁ। সি হিন্দু হওক বা মুছলিম হওক। অসমত স্থান নিদিও, আৰু আপোনালোকৰ সংগঠনটোক গুৰুত্ব দিব লাগে বুলি মই ভবাই নাই। এইবোৰ সকীয়নি পত্ৰ বেলেগক দিব হে মোক নহয়।