ৰঙিয়াঃ newsnextone.com-এ দুৰ্নীতি পোহৰলৈ আনিবলৈ কোনো দিনে আপোচ নকৰে সেয়া আকৌ এবাৰ প্ৰমাণ হ’ল৷ যোৱা ১৮ মাৰ্চত ৰঙিয়াৰ এগৰাকী পঞ্চায়ত সচিবে চৰকাৰী আঁচনিৰ ধন আৱন্টন দিয়াৰ বাবে উৎকোচ বিচৰাৰ এটি বাতৰি newsnextone.com-এ প্ৰকাশ কৰিছিল৷ তাৰ পিছতেই হাহাকাৰ লাগিছিল ৰঙিয়াত৷  newsnextone.com-এ বাতৰি প্ৰকাশ কৰাৰ পিছতেই দল-সংগঠনে সচিবগৰাকীক চাকৰীৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছিল৷ 

তাৰ পিছতেই চৰকাৰে চাকৰীৰ পৰা নিলম্বন কৰে পঞ্চায়ত সচিবগৰাকীক৷ ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধিনৰ ৩৩নং বৰদল গাঁও পঞ্চায়তৰ সচিব জয়কান্ত কলিতাক চাকৰীৰ পাৰ তৎকালে বৰ্খাস্ত কৰে চৰকাৰে৷ সংবাদ মাধ্যম যোগে উৎকোচ বিচৰাৰ বাতৰিৰ প্ৰকাশ হোৱাৰ ফলতেই সচিবগৰাকীক নিলম্বন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে৷ দুৰ্নীতি পোহৰলৈ অনাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সংবাদ মাধ্যমৰো শলাগ লয়৷ 

এগৰাকী পঞ্চায়ত সচিবে কামৰ বিনিময়ত মুকলিকৈ টকা বিচৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰঙিয়াত৷ ৰঙিয়া চহৰৰ সমীপৰ বৰদল পঞ্চায়ত কাৰ্যালয়ত IBSৰ ধন বিচাৰি যোৱাত পঞ্চাতৰ সচিব জয়কান্ত কলিতাই ৩ হাজাৰ টকা বিচাৰে৷ যুৱকজনে পৰিয়ালৰ লোকৰ সৈতে কথা পাতি পিছত দিম বুলি কোৱাত মান্তি নহয়৷ টকা নিদিলে যুৱকজনক আঁচনিৰ ধন মুকলি কৰি নিদিও বুলি কয় সচিবগৰাকীয়ে৷  

ভিডিঅ’টোত পঞ্চায়তৰ সচিব জয়কান্ত কলিতাই কয় ‘‘মোক এটা IBSত তিনি হাজাৰ টকা লাগিবই, ৫০০ টকা মিনিমাম৷ মই পেটত এটা মুখত এটা কথা নকও৷ সাংবাদিক মাতা৷ মই সাংবাদিকৰ আগতো এই কথা কম৷’’ ইমানে নহয় বাৰে বাৰে সচিবগৰাকীয়ে কাৰোবাক মেনেজ কৰিব লাগে বুলি কয়৷ এতিয়া প্ৰশ্ন হৈছে কাক মেনেজ কৰিব সচিবগৰাকীয়ে৷ 

ৰঙিয়া বৰদল পঞ্চায়তত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ দীৰ্ঘদিনিয়া৷ IBS প্ৰদানৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ৩ হাজাৰ টকাকৈ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি এজন যুৱকে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ যুৱকজনে সমস্ত ঘটনা মোবাইলত ৰেকৰ্ড কৰে৷ ৰঙিয়া ভেহবাৰীৰ ফাৰুক আলী নামৰ যুৱক এজনে IBS লাভ কৰিছিল। 

ধন মুকলি কৰি দিয়াৰ বাবে পঞ্চাতৰ সচিব জয়কান্ত কলিতাই ৩ হাজাৰ টকা বিচাৰে যুৱকজনৰ পৰা। যুৱকজনে ধন দিব নোৱাৰো বুলি কোৱাত বৰদল পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা উলিয়াই দিয়ে যুৱকজনক। গুৱাহাটীৰ অপৰাধ সনুসন্ধান শাখাত অভিযোগ দিয়ে যদিও অপৰাধ অনুসন্ধান শাখাই গোচৰ লবলৈ মান্তি নোহোৱাত সচিবগৰাকীৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে যুৱকজনে৷

newsnextone.com-এ সদায় কৈ আহিছে, দুৰ্নীতি পূৰ্বৰ চৰকাৰৰ দিনতো আছিল আৰু এতিয়াৰ চৰকাৰৰ দিনতো আছে৷ কেৱল দুৰ্নীতি কৰাৰ ধৰণ সলনি হৈছে৷ পূৰ্বে মুকলিকৈ আছিল এতিয়া এজেন্টৰ জৰিয়তে খাই একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ এজেন্ট বোৰে সচিবালয়, বিভাগীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি পঞ্চায়ত কাৰ্যালয়লৈ দুৰ্নীতিৰ পোহাৰ মেলি টকা সংগ্ৰহ কৰি দিয়ে বিষয়া-কৰ্মচাৰীক৷ 

দুৰ্নীতি পূৰ্বৰ চৰকাৰৰ দিনতো আছিল আৰু এতিয়াৰ চৰকাৰৰ দিনতো আছে৷ কেৱল দুৰ্নীতি কৰাৰ ধৰণ সলনি হৈছে৷ পূৰ্বে মুকলিকৈ আছিল এতিয়া এজেন্টৰ জৰিয়তে খাই একাংশ বিষয়া-কৰ্মচাৰীয়ে৷ এজেন্ট বোৰে সচিবালয়, বিভাগীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি পঞ্চায়ত কাৰ্যালয়লৈ দুৰ্নীতিৰ পোহাৰ মেলি টকা সংগ্ৰহ কৰি দিয়ে বিষয়া-কৰ্মচাৰীক৷ 

গুৱাহাটী মহানগৰীৰ কাৰ্যালয় সমূহতো আজিও টকা নিদিলে কাম নহয়৷ এই অভিযোগ উত্থাপন হৈ আহিছে৷ দুৰ্নীতি ৰোধৰ বাবে চৰকাৰে নানা পদক্ষেপ ললেও একাংশ লোকে চৰকাৰক কেৰেপ নকৰে৷