কাজিৰঙাঃ "আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল"ৰ লেখিয়া হৈছে ৰাজ্যৰ বহু চিকিৎসালয়৷ এতিয়া বহু চিকিৎসালয় নামতহে কামত হলে নাই৷ স্থাপন কৰিব লাগে বাবে কৰিলে৷ চমক সৃষ্টি কৰিব লাগে বাবে চমক সৃষ্টি কৰিলে৷ কিন্তু তাৰ পৰিচৰ্যা কৰিবলে আহৰি নাই চৰকাৰৰ৷ 

কিয়নো চৰকাৰ সলনি হোৱাৰ লগে লগে আঁচনিও সলনি হয়৷ ৰাজনৈতিক দলৰ নেতাবোৰো সলনি হয়৷ ইটো দলৰ পৰা সিটো দললৈ গৈ নিশাৰ ভিতৰতে সলনি হয় নেতাবোৰ৷ পূৰ্বৰ চৰকাৰে কৰি থৈ যোৱা কামবোৰক আন দলে চৰকাৰ গঠন কৰিলে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত তথা তৰুণ গগৈ মন্ত্ৰী সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰী হৈ আছিল৷ তদানীন্তন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কেইবাখনো আদৰ্শ চিকিৎসালয়, প্ৰাথমিক স্বাস্থ কেন্দ্ৰ তথা উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছিল৷ কিন্তু এতিয়া চিকিৎসালয় সমূহ এৰাবাৰীত পৰিণত হৈছে৷ আজিও ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এনে বহু চিকিৎসালয় ওলাব৷ 

ৰাজ্যত হগু ঠাইত চূণ-তেল সানি থোৱাই আছে যদিও আজিলৈ মুকলি নহ’ল চিকিৎসালয় সমূহ৷ চিকিৎসকৰ অভাৱত, পৰিচৰ্যাৰ অভাৱত স্বাস্থ্য কৰ্মীৰ অভাৱত জহি খহি যাব আৰম্ভ কৰিছে চিকিৎসালয় সমূহ৷

ৰাজ্যত একাংশ গ্ৰামীন চিকিৎসালয় জহি-খহি যাব ধৰিছে৷ গোলাঘাট জিলাৰ কাজিৰঙাৰ কঁহৰাতো স্থাপন কৰা হৈছিল আদৰ্শ চিকিৎসালয়। চিকিৎসালয় খনত আজিলৈকে নিযুক্তি দিয়া নহল চিকিৎসক, স্বাস্থ্যকৰ্মী। তলাবন্ধ অৱস্থাতে থকা চিকিৎসালয় খন ক্ৰমান্বয়ে জহি খহি যাব নেকি তাক লৈ চিন্তিত অঞ্চলটোৰ ৰাইজ৷

ৰাইজ তথা ছাত্ৰ সংগঠনে চিকিৎসালয় খন মুকলি কৰাৰ দাবী জনাই আহিছে যদিও গুৰুত্ব আপৰোপ কৰা নাই চৰকাৰে৷ ইমানৰ পিছতো আজিলৈ মুকলি নহল চিকিৎসালয় খন৷ কাজিৰঙাৰ একমাত্ৰ চিকিৎসালয় কহঁৰা আদৰ্শ চিকিৎসালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷ 

মঙলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷ উল্লেখ্য যে, নিৰ্মাণ হোৱাৰ পিছতো বিগত ৭ মাহ ধৰি ৰহস্যজনক ভাৱে মুকলি নকৰিলে অত্যাধুনিক চিকিৎসালয়খন। 

অত্যাধুনিক চিকিৎসালয়খন মুকলি নোহোৱাৰ ফলত কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকৰ লগতে স্থানীয় জনসাধাৰণে এতিয়া চিকিৎসক বিচাৰি হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে৷ 

আটছাৰ বোকাখাত আৰু কাজিৰঙাৰ আঞ্চলিক সমিতিৰ উদ্যোগত চিকিৎসালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতবাদ সাব্যস্ত কৰি শীঘ্ৰে চিকিৎসালয় মুকলি কৰৰা দাবী জনায়৷ আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৱন বেদিয়াই কাৰ্যসূচীত উপস্থিত থাকি চৰকাৰক তীব্ৰ সমালোচনা কৰে। 

স্বাস্থ্য বিভাগ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে তোলে। কহঁৰা আদৰ্শ চিকিৎসালয়খন শ্বহীদ বিজু বৈষ্ণৱ বাউৰীৰ নামেৰে নামাকৰণ কৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায়৷

সংগঠনটোৱে বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে স্বাস্থ্যমন্ত্ৰীক৷ উল্লেখ্য যে, ২০১৪ চনতে বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত কহঁৰা আদৰ্শ চিকিৎসালয়খন শ্বহীদ বিজু বৈষ্ণৱ বাউৰীৰ নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও আজিলৈকে কাৰ্যকৰী নকৰাত আটছাই তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ 

কহঁৰা আদৰ্শ চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰি শ্বহীদগৰাকীৰ নামত নামাকৰণ কৰিবলৈ দাবী জনায় চাহ সংগঠনটোৱে৷ অন্যথাই অধিক ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷