
ডিজিটেল ডেস্কঃ আজি ‘বিশ্ব জল দিৱস’৷ ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আজিৰ দিনটোতেই জল দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তেতিয়াৰে পৰা ২২ মাৰ্চত জল দিৱস পালন কৰি আহিছে সমগ্ৰ বিশ্বই৷ পানীয়েই হৈছে জীৱনৰ আধাৰ৷ পানীৰ অবিহনে প্ৰাণ থকাটো অসম্ভৱ৷
পানী কৃষিকাৰ্যৰ বাবেও অপৰিহাৰ্য৷ যিহেতু কৃষি কাৰ্যৰ জৰিয়তে উৎপাদিত সামগ্ৰীয়েহে পেটৰ ক্ষুধা নিবাৰণ কৰে৷ গতিকে পানীৰ অপচয় ৰোধ কৰি পানী সংৰক্ষণ কৰাটোৱেই হৈছে ‘বিশ্ব জল দিৱস’ পালনৰ মূল তাৎপৰ্য হোৱা উচিত৷
#WorldWaterDay is an occasion to highlight the importance of Jal Shakti and reaffirm our commitment towards water conservation.
— Narendra Modi (@narendramodi) 22 March 2018
When water is conserved, our cities, villages and hardworking farmers benefit tremendously. pic.twitter.com/bvOO7olXTF
বিশ্ব জল দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘পানীৰ শক্তি’ৰ সন্দৰ্ভত টুইট কৰি কয়, পানীৰ অপব্যৱহাৰ নকৰি সংৰক্ষণৰ জৰিয়তে নগৰ-চহৰ, গাঁও তথা কৃষক অধিক লাভান্বিত হ’ব পাৰে৷
পানীৰ মাহাত্ম্য উপলব্ধি কৰি প্ৰত্যেকেই পানী সংৰক্ষণৰ প্ৰতি দায়বদ্ধ হোৱাটো উচিত৷ পানী সংৰক্ষণৰ প্ৰতি জনতাৰ মাজত সজাগতা বৃদ্ধিৰ বাবেই বিশ্বজুৰি এই জল দিৱস পালন কৰা হয় বুলি মতপোষণ কৰে মোডীয়ে৷