ডিজিটেল ডেস্কঃ যোৱা ৪ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ মৃত্যু হোৱা বুলি চৰকাৰে থিৰাং কৰিলেও মৃতদেহ দেশলৈ উভতাই আনিবলৈ সক্ষম হোৱা নাই চৰকাৰ৷ ইৰাকৰ মচুলত আইএছআইৰ গণকবৰত উদ্ধাৰ হোৱা মৃতদেহ বাগদাদত ডিএনএ পৰীক্ষা কৰাৰ অন্তত নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ বুলি নিশ্চিত হৈছে যদিও চৰকাৰে মৃতদেহ সময়মতে দেশলৈ আনিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷

এইবাৰ চৰকাৰে মৃতদেহ ভাৰতলৈ অনাত পলম কৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ মাত্ৰা বৃদ্ধি হৈছে৷ ৩৯গৰাকী ভৰতীয়ৰ পৰিয়ালে মৃতদেহ আহি পোৱাৰ সময়ৰ বাবে অপেক্ষা কৰি থকাৰ খবৰ প্ৰচাৰ হৈ আহিছে৷ চৰকাৰে জীৱন্তে উদ্ধাৰ কৰাত বিফল হোৱাৰ দৰে ভাৰতীয় শ্ৰমিক কেইজনৰ মৃতদেহ আনিবলৈ বিফল হ’ব নেকি প্ৰশ্ন উত্থাপন হৈছে৷

চৰকাৰে এই ক্ষেত্ৰত যোৱা চাৰিটা বছৰে নাটক কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধীয়ে৷ প্ৰথমে তেওলোকে জীয়াই থকা বুলি কৈ থাকি নাটক কৰাৰ লগতে এইবাৰ মৃতদেহ অনাত বিলম্ব কৰাত চৰকাৰক বিভিন্ন প্ৰশ্নৰে ঘেৰি ধৰে বিৰোধীয়ে৷

৩৯গৰাকী ভাৰতীয়ৰ পৰিয়ালৰ কেইবাগাৰকী লোকে বিমান বন্দৰত সময় অতিবাহিত কৰি আহিছে বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে৷ পঞ্জাৱৰ স্থানীয় প্ৰশাসনে মৃতদেহ সমূহ বুধবাৰে চমজাই দিয়াৰ কথা কৈছিল যদিও আজি বৃহস্পতিবাৰেও মৃতদেহ ভাৰত আহি নাপালে৷ 

মঙলবাৰে পাঞ্জাৱৰ নৱনচহৰ জিলাৰ উপায়ুক্ত অমিত কুমাৰে এটি বিবৃতি প্ৰকাশ কৰি ইৰাকত মৃত্যু হোৱা জগতপুৰ গাঁৱৰ পৰবিন্দৰ কুমাৰ, মেহন্দপুৰ গাঁৱৰ জচবীৰ সিঙৰ মৃতদেহ বুধবাৰে পুৱা ১২ বজাত অমৃতসৰ বিমান বন্দৰ আহি পাব বুলি কৈছিল৷ ইয়াৰ বাবে বিষয়াও নিয়োগ কৰিছিল৷ 

কিন্তু মঙলবাৰ আৰু বুধবাৰে মৃতদেহ আনিবলৈ সক্ষম নহ’ল দেশৰ চৰকাৰ৷ ইৰাকত মৃত্যু হোৱা পৰবিন্দৰ কুমাৰৰ পিতৃ জিতৰামে কয় ‘‘আমাৰ ওচৰলৈ উপায়ুক্তই মঙলবাৰে নিশা ৮.৩০ মিনিটত আহিছিল৷ মৃতদেহ বুধবাৰে আহি পাব বুলি কৈছিল৷ আমি সৎকাৰৰ বাবে সকলোকে খবৰ দিছিলো৷ সকলো যা-যোগাৰ কৰিছিলো৷

চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱাৰ লগতে যোৱা ৪ বছৰে দেশৰ লোকক শ্ৰমিক কেইজন জীয়াই আছিল বুলি মিছা মাতি অহাৰ অভিযোগ উত্থাপন হয়৷
মৃতদেহ সমূহ ভাৰতীয়ৰে আছিল বুলি ২০ মাৰ্চত বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে সদৰী কৰাৰ পিছতে বিষয়টোক লৈ গৰম হৈছিল ৰাজনৈতিক পৰিৱেশ৷ 

উল্লেখ্য যে, ২০১৪ চনৰ ইৰাকৰ মাচুল চহৰত নিৰুদ্দশ হেছিল ৩৯ গৰাকী ভাৰতীয়৷ লোক কেইজনৰ লোকৰ ইতিমধ্যে মৃত্যু হৈছে এয়া খাতাং হৈ পৰিছে৷ ইতিমধ্যে বিদেশ মন্ত্ৰাণালয়ে আৰু বিদেশ মন্ত্ৰীয়ে নিৰুদ্দেশ হোৱা হোৱা লোকসকলক আইএছআইয়ে হত্যা কৰিছে বুলি কয়৷ 

পাহাৰত গাত খান্দি ভাৰতীয় লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ উদ্ধাৰ হোৱা ৩৯ গৰাকী লোকৰ মৃতদেহ পাঞ্জাৱৰ অমৃতসৰলৈ লৈ আহিব বুলি কৈছিল চৰকাৰে৷ আনহাতে প্ৰাক্তন সেনা প্ৰধান বিকে সিঙে ইৰাকৰ মাচুল চহৰৰ পৰা মৃতদেহ ভাৰতলৈ লৈ আহিব বুলি কৈছিল৷ ইয়াৰ মাজত চৰকাৰে এই কথা স্পষ্ট কৰোতে ইমান সময় লাগিল কিয় তাক লৈ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে নানা প্ৰশ্ন৷ 

আনহাতে আইএছআইৰ কৱলৰ পৰা পলায়ন কৰি অহা ভৰতীয় হৰজিত মচীহক মিছলীয়া আখ্যা দিয়ে৷ হৰজিত মচীহৰ কাহিনী সত্য নাছিল বুলি কয় সুষমাই৷ হৰজিত মচীহই কৈছিল আইএছআইয়ে ৩৯ ভাৰতীয়ক হত্যা কৰা বুলি৷ যি কথা তিনিবছৰ পূৰ্বেই হৰজিত মচীহই কৈছিল সেই কথা এতিয়া কয় সুষমা স্বৰাজে৷