ডিজিটেল ডেস্কঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক পুঁজিপতিৰ চৰকাৰ বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰাৰ সময়তে দেশ এৰি পলায়ন কৰিছে ইজনৰ পিছত সিজন পুঁজিপতি৷ 

দেশৰ বেংকৰ পৰা কোটি কোটি টকা লুটি বিদেশলৈ পলায়ন কৰা লোকৰ তালিকা দীঘল হ’ব ধৰিছে৷ নিতৌ দেশ এৰি পলায়ন কৰা ন’ ন’ পুঁজিপতিৰ নাম পোহৰলৈ আহিব ধৰিছে৷

দেশ কঁপোৱা ১২ হাজাৰ কোটি টকাৰ পাঞ্জাৱ বেংকৰ নীৰৱ মোডীৰ কাণ্ডৰ পিছতেই পোহৰলৈ আহিছিল ৰটমেক কোম্পানীৰ গৰাকী বিক্ৰম কোঠাৰিয়ে ৩,৬৯৫ কোটি টকা লুটি দেশ এৰি পলায়ন কৰাৰ তথ্য৷ দেশত যেন এতিয়া বেংকৰ টকা লুটি পলায়ন কৰাটো সহজ ঘটনাত পৰিণত হৈছে৷ 

পাঞ্জাৱ নেচনেল বেংকৰ বিত্তীয় কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতেই বিক্ৰম কোঠাৰিয়ে ৩,৬৯৫ কোটি টকা লুটি নিয়াৰ খবৰ পোহৰলৈ আহিছিল৷ এইবাৰ এচবিআইৰ লগতে দেশৰ আন ১৪টা বেংকত ৮২৪ কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য উৎঘাটন হৈছে। 

এচবিআইৰ নেতৃত্বৰ ১৪টা বেংকৰ এছোচিয়েচনে কোটি টকীয়া বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত চেন্নাইৰ কনিষ্ক গোল্ড প্রাইভেট লিমিটেড নামৰ জুয়েলাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ গোচৰ ৰুজু কৰাৰ পিছতেই অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে কেজিপিএল নামৰ জুৱেলাৰীৰ কাৰ্যালয়ৰ লগতে ব্যৱসায়ীক অনুষ্ঠান আৰু চেন্নাইৰ আবাসিক স্থানত অভিযান চলাই। 

অভিযানৰ অন্তত চিবিআইৰ মুখপাত্র অভিষেক দয়ালে কয়, ১৪টা বেংকৰ হৈ এচবিআইয়ে ৮২৪.১৫ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযুক্তসকলৰ সৈতে যোগাযোগ কৰা হৈছে তদন্তৰ খাতিৰত আমন্ত্ৰণ জনোৱা হৈছে।

চিবিআইয়ে ৫টা ব্যৱসায়ীক অনুষ্ঠানৰ পৰিচালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কনিষ্ক গোল্ড প্রাইভেট লিমিটেডৰ পৰিচালক ভূপেশ কুমাৰ জৈন, নীতা জৈন, তেজৰাজ আচ্চা, অজয় ​​কুমাৰ জৈন আৰু সুমিত কৈদিয়াৰ বিৰুদ্ধে বেংক জালিয়াতিৰ গোচৰ ৰুজু কৰে৷ আনহাতে চিবিআইয়ে অজ্ঞাত লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰে৷

পাঞ্জাৱ নেচনেল বেংকৰ কায়দাৰে কেলেংকাৰী হোৱাৰ সন্দেহ ব্যক্ত কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে। কেজিপিএল কেলেংকাৰীত বিভিন্ন বেংক কৰ্মচাৰী জৰিত থকা বুলি চিবিআইয়ে সন্দেশ প্ৰকাশ কৰে।