অভয়াপুৰীঃ ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁৱৰ অভয়াপুৰীত শনিবাৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৱে শনিবাৰে পুৱাই অসম মহিলা বিশ্ববিদ্যালয় অসম চৰকাৰে বন্ধ কৰিব বিচৰাৰ বিৰুদ্ধে অভয়াপুৰীত এটি সমদল উলিয়াই শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে৷ সমদলত অংশ গ্ৰহণ কৰা লোকসকলে অসম চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱালৰ কাম নাই আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। 

ৰাজ্য চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কেইবাশতাধিক ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ পিছতেই অভয়াপুৰী অগপৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কৰি ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে। 

সংগঠনটোৱে ‘বেটি বচাও বেটি পঢ়াও’ শ্ল’গানেৰে আভুৱা ভৰা চৰকাৰখনৰ বেটি বিৰোধী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়৷ অন্যথাই তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সংগঠনটোৱে হুংকাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-মুক্তিৰ জিলা সভাপতি মাছুম ৰেজা আৰু সম্পাদক ছাদ্দাম হুছেইন উপস্থিত থাকে। 

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পহৰি যাওক বুলি সকীয়াই দিয়ে৷ 

উল্লেখ্য যে, ২০১৬ চনত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী সংস্থাপনকে ধৰি চৰকাৰে কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই উঠিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷

এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷

এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷