
ডিব্ৰুগড়ঃ উত্তৰ আৰু দক্ষিণ পৰীয়া ৰাইজৰ সংযোগৰ সাঁকো স্বৰূপ হৈ পৰিব বগীবিল দলং৷ দীৰ্ঘদিনীয়া সপোন মাথো চাৰি মাহৰ ভিতৰতে বাস্তৱ হোৱাৰ দিশে আগবঢ়িছে বুলি ব্যাপক চৰ্চা আৰম্ভ হলেও যোৱা চাৰিদিনে বন্ধ হৈছে নিৰ্মাণ কাৰ্য৷ ইয়াৰ কাৰণ হ’ল বিজেপিৰ একাংশ নেতা৷
শাসকীয় দলটোৰ একাংশ নেতাই শ্ৰমিক-অভিযন্তাক দিয়া ভাবুকিৰ ফলত বন্ধ হৈ আছে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য। যাৰ ফলত শ্ৰমিক-অভিযন্তাই দিয়া এজাহাৰৰ ভিত্তিত ২৩মাৰ্চত বিজেপিৰ ৱাৰ্ড সদস্য দ্বীপেন নেওগ, মিন্তু চুতীয়া, ৰতন ছেত্ৰী আৰু চন্দন ৰাউতক আটক কৰিছিল ডিব্ৰুগড় বৰবৰুৱা আৰক্ষীয়ে।
তাৰ মাজতে, দেওবাৰে প্ৰকল্পস্থলীত উপস্থিত হয় কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই। বগীবিল প্ৰকল্প নিৰ্মাণত জড়িত বিষয়া, অভিযন্তা, শ্ৰমিক আৰু বিজেপি কৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰীগৰাকীয়ে। আলোচনাৰ সময়ত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি ইন্দ্ৰ গগৈয়ে দলীয় কৰ্মীৰ ওপৰত দিয়া গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে অভিযন্তাক হেঁচা দিবলৈ মন্ত্ৰীক অনুৰোধ জনায়।
দলীয় কৰ্মীৰ সৈতে প্ৰায় আধা ঘন্টা ধৰি হোৱা আলোচনাৰ অন্ততঃ মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অভিযন্তাই গোচৰ প্ৰত্যাহাৰ কৰিব বুলি জনোৱাত পৰিস্থিতি শাম কাটে। ইপিনে দেওবাৰৰ দিনটোৰ পৰা কাম আৰম্ভ কৰিবলৈ শ্ৰমিক-অভিযন্তাক নিৰ্দেশ দিয়াৰ বিপৰীতে দলীয় কৰ্মীসকলক 'বেলেগ কাম দিয়া হ’ব’ বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে সংবাদ-মাধ্যমৰ সন্মুখত ৰে’ল ৰাজ্যমন্ত্ৰীগৰাকীয়ে দলৰ কাৰ্মকৰ্তাসকলৰো কাম কৰাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি বিষয়টোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰে।
দলং নিৰ্মাণকাৰ্যত বাধা দিয়াসকল দলীয় কৰ্মী আছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী গোহাঁইয়ে কয়, মই এতিয়াহে গম পাইছো দলৰ কৰ্মী বুলি। আমাৰ ল’ৰাবিলাকক বেলেগ কাম দিয়াৰ ব্যৱস্থা কৰিছো। ব্ৰহ্মপুত্ৰ দুয়োপাৰৰ শ্ৰমিকৰ মাজতহে এই সংঘাট সৃষ্টি হোৱা বুলি উল্লেখ কৰি দক্ষিণ পাৰৰ শ্ৰমিকসকলে আপত্তি দেখুওৱাৰ কাৰণেহে কাম বন্ধ হৈছিল বুলি জানিবলৈ দিয়ে। নিবিদা আহ্বান নকৰাকৈ দলীয় কৰ্মী হ’লেও কি যুক্তিত কাম আৱন্টন দিব বুলি সোধা প্ৰশ্নত মন্ত্ৰী গোহাঁইয়ে সম্পূৰ্ণ নীতিগতভাৱে কাম দিয়া হ’ব বুলি স্পষ্ট কৰে।
মন্ত্ৰী গোহাঁইয়ে বগীবিল দলং প্ৰকল্প নিৰ্মাণ কাৰ্য বন্ধ হোৱাৰ সম্পৰ্কত জানিবলৈ দি দক্ষিণপাৰৰ ঠিকাদাৰে শ্ৰমিকে বুজাবুজি চুক্তিক উলংঘা কৰিছিল বুলি কয়। যাৰ বাবে এই ঘটনা সংঘটিত হৈছিল। শেহতীয়াকৈ ৰাষ্ট্ৰীয় প্ৰকল্পটো প্ৰায় ৯৫ শতাংশ নিৰ্মাণ হোৱা বুলি জানিবলৈ দি জুলাই মাহলৈকে সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলাই থকাৰ বিষয়ে সদৰী কৰে মন্ত্ৰী গোহাঁইয়ে।
উল্লেখ্য যে, ৰাজেন গোহাঁইয়ে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী দায়িত্ব লাভ কৰিয়েই বগীবিল দলং ভ্ৰমণলৈ অহাৰ সময়ত ২০১৬ বৰ্ষৰ ২৫ ডিচেম্বৰত সম্পূৰ্ণ হ’ব বুলি ডেডলাইন দিছিল। কিন্তু প্ৰকল্পটোৰ আনুসংগিক কিছু কাম বাকী থকাৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ কিছু পলম হ’ব বুলি আজি স্পষ্ট কৰিছে। প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ চলিত বৰ্ষৰ মে’ মাহলৈকে টাৰ্গেট লোৱা হৈছিল যদিও জুলাই মাহতহে সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ বিষয়ে স্পষ্ট কৰে।
দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ বগীবিল আৰু উত্তৰ পাৰৰ ধেমাজি জিলাৰ কুলাজান সংযোগী ৪.৯৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ দুখলপীয়া এই দলংখনৰ মুঠ ৪১ টা গাৰ্ডাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। ১৯৯৭ চনৰ ২২ জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰথম অৱস্থাত এই দলঙৰ নিৰ্মাণৰ ব্যয় ১,৭৬৭ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও কাম লেহেমীয়া হোৱাত নিৰ্মাণত ব্যয় ৫০০০ কোটিলৈ বৃদ্ধি পায়।
এতিয়ালৈকে ৰাষ্ট্ৰীয় প্ৰকল্পটোত ৪,৫৭২.৪৪ কোটি টকা ব্যয় কৰা হৈছে। ইপিনে চলিত বৰ্ষৰ ২১ এপ্ৰিলত ৰাষ্ট্ৰীয় প্ৰকল্পটো ১৬ বছৰত ভৰি দিব। আজি ৰাষ্ট্ৰীয় প্ৰকল্পৰ পৰিদৰ্শনৰ সময়ত সাংসদ ৰামেশ্বৰ তেলী, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক এন কে প্ৰসাদ, জিলা উপায়ুক্ত লয়া মাদ্দুৰী, আৰক্ষী অধীক্ষক গৌতম বৰা, জিলা বিজেপিৰ সভাপতি ইন্দ্ৰ গগৈকে ধৰি বহু ৰে’ল বিভাগৰ শীৰ্ষ বিষয়া-অভিযন্তা উপস্থিত থাকে।