
কোকৰাঝাৰঃ বিটিএডিৰ ৰাজনীতিত বিশেষ ভূমিকা পালন কৰি অহা বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ দুখন কেন্দ্ৰীয় সমিতি গঠন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আমিনুৰ ৰহমানৰ নেতৃত্বত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিৰ সমান্তৰাল কেন্দ্ৰীয় সমিতি গঠন কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰএমচিৰ মূল সমিতিয়ে৷
কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত আৰএমচিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰিজাউল হক সৰকাৰে প্ৰতিক্ৰিয়া আমিনুৰ ৰহমানক সভাপতি আৰু ছেলিম খানক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা আৰএমচিৰ সমান্তৰাল কেন্দ্ৰীয় সমিতি খনক অসাংবিধানিক তথা অবৈধ বুলি আখ্যা দিয়ে৷
সংবাদমেলত ৰিজাউল হক সৰকাৰে সদৰী কৰা মতে, গোসাইগাঁৱৰ জয়মা মিছন স্কুল খেলপথাৰত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা আৰএমচিৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ প্ৰতিনিধি সভাৰ সৰ্বসন্মতি মৰ্মে বিটিচিৰ প্ৰাক্তন পৰিষদীয় সদস্য আফজল হক সৰকাৰক সভাপতি, আয়নাল হক আৰু মোকেদ্দেছ আলী আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ আৰএমচিৰ ৫১ জনীয়া নতুন কেন্দ্ৰীয় সমিতি খন গঠন কৰা হয়৷
ইয়াৰ বিপৰীতে আৰএমচিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ নথকা আমিনুৰ ৰহমানেও কালিয়ে অসংবিধানিক তথা অবৈধ ভাবে গোসাইগাঁও আৰু পৰ্বতঝোৰা জিলা সমিতিৰ কিছু সদস্যক লৈ নিজে সভাপতি আৰু ছেলিম খানক সাধাৰণ সম্পাদকৰ দায়িত্ব দি আৰএমচিৰ সমান্তৰাল কেন্দ্ৰীয় সমিতি গঠন কাৰ্যত লিপ্ত হয়৷ এনেদৰে সমান্তৰাল সমিতি গঠন তথা সংগঠন বিৰোধী কাৰ্যত জড়িত হোৱাৰ বাবে আৰএমচিৰ গোসাইগাঁও আৰু পৰ্বতঝোৰা জিলা সমিতি দুখনক ভংগ ঘোষণা কৰা হৈছে বুলিও ৰিজাউল হক সৰকাৰে সদৰী কৰে৷
তদুপৰি কাৰ্যকৰী সভাপতিগৰাকীয়ে সংবাদমেলত অভিযোগ কৰা মতে, অধিবেশনৰ প্ৰতিনিধি সভাৰ পূৰ্বে আৰএমচিৰ পুৰণি সমিতিৰ সভাপতি তথা নতুন সমিতিৰ মুখ্য উপদেষ্টা গুলজাৰ হুছেইন মোল্লাই গোসাইগাঁও চহৰৰ জামে মছজিদত নামাজ সম্পন্ন কৰি ওলাই আহোতে বগা বলেৰ' গাড়ীত উঠি অহা আমিনুৰ ৰহমানৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ দলে তেওঁক শাৰীৰিক ভাবে অপদষ্ট কৰাৰ লগতে গাড়ীত উঠাই লৈ যোৱাৰ চেষ্টা চলায়৷
অৱশ্যে সেই সময়ত গোসাইগাঁও চহৰলৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ অহা আৰএমচিৰ কেইবাখনো জিলা সমিতিৰ প্ৰতিনিধিয়ে ঘটনা প্ৰত্যক্ষ কৰি সভাপতি (পুৰণি সমিতি) মোল্লাক গুণ্ডা বাহিনীৰ দলটোৰ পৰা আঁতৰাই নিৰাপদ স্থানলৈ লৈ যায়৷
সংবাদমেলত আৰএমচিৰ কেন্দ্ৰীয় সমিতাৰ নৱ নিৰ্বাচিত সভাপতি আফজল হক সৰকাৰ, নৱ নিৰ্বাচিত সম্পাদকদ্বয় আয়নল হক আৰু মোকেদ্দেছ আলী আহমেদ, মুখ্য উপদেষ্টা গুলজাৰ হুছেইন মোল্লাসহ আৰ এম চিৰ নৱ নিৰ্বাচিত কেইবাগৰাকী কেন্দ্ৰীয় নেতৃৰ্বৃন্দ উপস্থিত থাকে৷ উল্লেখ্য যে আৰএমচিৰ একেখন অধিবেশনত এনেদৰে দুখনকৈ সমান্তৰাল সমিতি গঠন হোৱাত সংগঠনটোৰ ভিতৰচোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷