নগাঁওঃ এটাৰ পিছত অপৰাধজনিত ঘটনা সংঘটিত হ’ব ধৰিছে নগাঁও জিলাত৷ যেন অপৰাধীৰ ৰম্যভূমিত হে পৰিণত হে নগাঁও জিলা৷ নগাঁৱৰ ধৰ্ষণ আৰু হত্যা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে পুনৰ জিলা খনত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড।

দাবী কৰা ধন নিদিয়াৰ বাবেই পুত্ৰই পিতৃক কাঠৰ বাটামেৰে আক্ৰমণ কৰি প্ৰথমে হত্যা কৰে তাৰ পিছত জ্বলাই দিয়ে পিতৃক। নগাঁৱৰ শেনচোৱাৰ ভাটিকুৰিত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। পংকজ দাস নামৰ বিবাহিত যুৱকজনে পিতৃ তথা অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল জয়কান্ত দাসৰ লগতে মাতৃকো কাঠৰ বাটামেৰে আক্ৰমণ কৰে।

আক্ৰমণৰ পৰা মাক পলাই সাৰে যদিও সংজ্ঞাহীন হৈ পৰা পিতৃক কেৰাচিন ঢালি জ্বলাই দিয়ে পংকজ দাসে। দেওবাৰে সংঘটিত এই ঘটনাৰ পিছত গুৰুতৰভাবে আহত জয়কান্ত দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছিল যদিও নেমকেয়াৰ হাস্পতালত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে জয়কান্ত দাসে। 

মঙলবাৰে বিয়লি মৃতদেহ ঘৰ আহি পোৱাৰ লগে লগেই স্থানীয় ৰাইজে হত্যাকাৰী পংকজ দাসক আৱদ্ধ কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। এই ঘটনাক লৈয়ে এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷