তেজপুৰ টাউনঃ অতিথিক দেৱতা জ্ঞান কৰে অসমীয়া মানুহে৷ নিজে নাখাই হলেও অতিথিক উদৰ পূৰাই খুৱাবলৈ উঠিপৰি লাগে অসমীয়াই৷ দৰিদ্ৰ অসমীয়া পৰিয়ালেও আলহীৰ বাবে পৰি মৰে৷ অসম মুলুকৰ নাম আছে অতিথিক আদৰ কৰা বুলি৷ 

কিন্তু শোণিপুৰত সংঘটিত হোৱা এটি ঘটনাই লজ্জানত কৰিলে অসমীয়াক৷ অসমীয়াৰ ঘৰত অতিথি হৈ আহি হেৰুৱাব লগা হ’ল এখন বাহন৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অসমলৈ অালহী খাবলৈ অাহি হেৰুৱাবলগীয়া হৈছে ব'লেৰ গাড়ী।

শোণিতপুৰ জিলাৰ বালিপৰাত মঙলবাৰে নিশা চুৰি কৰি নিয়ে এখন ব'লেৰ৷ বালিপৰাৰ বামগাঁৱৰ প্ৰাঞ্জল দাসৰ ঘৰৰ পৰা চুৰি হয় ব'লেৰখন। অৰুণাচল টাৱাঙৰ খাণ্ডু মন্দু নামৰ লোকজনৰ আছিল ব'লেৰখন। 

যোৱা ২৩ মাৰ্চত অৰুণাচল টাৱাঙৰ পৰা নিজৰ ব'লেৰ খন লৈ পৰিয়ালে সহ খাণ্ডু মন্দুৱে অসম চাবলৈ আহিছিল৷ চিনাকী সুত্ৰে বালিপৰাৰ প্ৰাঞ্জল দাসৰ ঘৰলৈ অালহী খাব অাহিছিল খাণ্ডু মন্দুৱে। 

কিন্তু মঙলবাৰে নিশা খাণ্ডু মন্দুৰ ব'লেৰখন চোৰে নিয়ে৷ ইতিমধ্যে চাৰিদুৱাৰ অাৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অাৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে গাড়ীখনৰ কোনো সন্ধান উলিয়াব পৰা নাই। অানহাতে বগাৰঙৰ ব’লেৰখন নতুনকৈ ক্ৰয় কৰা হেতুকে বৰ্তমানলৈকে নম্বৰ প্লেট লগোৱা হোৱা নাই বুলি জানিব পৰা গৈছে।