কোকৰাঝাৰঃ শুকুৰবাৰে পুৱাৰে পৰা বিটিএডিৰ সদৰ কোকৰাঝাৰত আক্ৰাছুৱে ৰেল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত পুৱা ৫ বজাৰ পৰা কোকৰাঝাৰ ৰেলৱে ষ্টেচনত আক্ৰাছুৰ উদ্যোগত হাজাৰ হাজাৰ লোকে ১২ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী পালন কৰে৷

ৰেল পথ অৱৰোধ কৰাৰ ফলত উত্তৰ পুৱৰ সতে বহিঃৰাজ্যৰ ৰে'লৱে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। হাজাৰ হাজাৰ কোচ ৰাজবংশী জনতাই কোকৰাঝাৰ ৰে'লৱে ষ্টেচনতৰ ৰে'লপথত অৱস্থান গ্ৰহণ কৰি ৰে'লৱে চলাচল সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে। আক্ৰাছুৰ নেতা-কৰ্মী, সমৰ্থককে ধৰি আবাল বৃদ্ধ বনিতাই ৰে'লপথত অৱস্থান গ্ৰহণ কৰি নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

ৰেলপথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পিকেটিংকাৰী সকলে ন এচটি ন ৰেষ্ট ,পৃথক কমতাপুৰ গঠন কৰক, আমাৰ দাবী নাৰ্য দাবী আদিকে ধৰি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে। আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে শীঘ্ৰে পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰি বিজেপিৰ প্ৰতিশ্ৰুতি বাস্তবায়িত কৰিবলৈ আহ্বান জনাইছে। 

নিৰ্বাচনৰ পূৰ্বে বিজেপি শাসনালৈ আহিলে ছমাহৰ ভিতৰত কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি স্বয়ং নৰেন্দ্ৰ মোডীয়ে দিয়া প্ৰতিশ্ৰুতি কিয় ৰূপায়ন কৰা নহল বুলি প্ৰশ্ন উত্থাপন কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ নকৰিলে লোকসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব বুলি মন্তব্যৰে আক্ৰাছুৱে আৰু প্ৰতিশ্ৰুতিত ভোল নাযায় বুলি স্পষ্ট কৰি দিছে। 

নিজ দাবীৰ সমৰ্থনত আক্ৰাছুৱে অনাগত সময়ছোৱাত কঠোৰৰ পৰা কঠোৰতম গণতান্ত্ৰিক ভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে। উল্লেখ্যে যে, শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰে'ল অৱৰোধৰ ফলত ছখনকৈ যাত্ৰীবাহী ৰে'লৰ চলাচল উত্তৰ পূব সীমান্ত ৰে'লৱেই বাতিল কৰাৰ লগতে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছকে ধৰি আন কেইবাখনো এক্সপ্ৰেছ ৰে'লগাড়ী নিয়ন্ত্ৰণ কৰিছে। 

আলিপুৰ দুৱাৰ জংচনকে ধৰি বিভিন্ন ষ্টেচনে ষ্টেচনে ৰে'লগাড়ীসমুহ আৱদ্ধ হৈ পৰাত যাত্ৰীসকল চৰম বিলাই বিপত্তিৰ সন্মুঝীন হৈছে যদিও যাত্ৰীসকলৰ দূৰ্ভোগৰ প্ৰতি উত্তৰ পুৱ সীমান্ত ৰে'লৱেই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি সঘনাই ৰে'লপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ তথা বন্ধ কাৰ্যসূচীয়ে জনসাধাৰণক বাৰুকৈয়ে জীয়াতু ভোগাইছে যদিও চৰকাৰে অৱৰোধ নতুবা বন্ধ কাৰ্যসূচীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সাধাৰণ জনতা পণবন্দী হৈ পৰিছে।