ডিজিটেল ডেক্সঃ চীনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ভাৰত সাজু আছে বুলি সময়ে সময়ে সেনা প্ৰধান আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে হুংকাৰ দি আহিছে যদিও কেগৰ শেহতীয়া প্ৰতিবেদনত ইয়াৰ ওলোটা তথা চিন্তনীয় তথ্যহে প্ৰকাশ পাইছে। কম্পট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল (কেগ)ৰ প্ৰতিবেদনক লৈ চিন্তিত প্ৰতিৰক্ষা মহল। 

কেগৰ প্ৰতিবেদন মতে, ভাৰতীয় সেনাৰ ভঁৰালত যি গোলাবাৰুদ আছে, তাৰে ৪০ শতাংশ ১০ দিনৰ যুদ্ধতে শেষ হৈ যাব। অৰ্ডিনেন্স ফোক্টৰি ব’ৰ্ডৰ তথ্যৰ ভিত্তিত কেগে প্ৰস্তুত কৰা প্ৰতিবেদনত লগতে কোৱা হয় যে ১৫২ বিধ বিভিন্ন গোলাবাৰুদৰ এই ভাণ্ডাৰ ১০ দিনতকৈ অধিক সময়ৰ বাবে পৰ্যাপ্ত নহয়।

অকল সিমানেই নহয়, ভাৰতীয় সেনাৰ ঘাটিসমূহত মজুত থকা ৫৫ শতাংশ গোলাবাৰুদৰে ২০ দিনতকৈ অধিক দিন যুদ্ধ কৰা সম্ভৱ নহয়। আনহাতে, কামানৰ বাবে প্ৰয়োজনীয় গোলা মজুত থাকিলেও ইয়াৰ বাবে প্ৰয়োজনীয় ফিউজ আছে মাত্ৰ ১৭ শতাংশহে। অৰ্থাৎ, যুদ্ধ হ’লে কামানৰ গোলা থাকিলেও ফিউজৰ আভাৱত ৮৩ শতাংশ হাই কেলিবাৰৰ গোলাই ভালকৈ নুফুটিব।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশ অনুসৰি সেনাৰ হাতত অন্ততঃ ৪০ দিন যুদ্ধ কৰিব পৰাকৈ গোলাবাৰুদ মজুত থাকিব লাগিব। কিন্তু ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত প্ৰকাশ পোৱা কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে সেনাৰ ভাণ্ডাৰত থকা মাত্ৰ ২০ শতাংশ গোলাবাৰুদৰে ৪০ দিনৰ প্ৰৱল সংঘৰ্ষ কৰিব পৰা যাব। ২০১৫ চনৰ প্ৰতিবেদনত গোলাবাৰুদসমূহৰ নিম্নমানৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল।   

অৰ্ডিনেন্স ফোক্টৰি ব’ৰ্ডে প্ৰতিৰক্ষাৰ প্ৰয়োজনীয় গোলাবাৰুদ কিয় উৎপাদন কৰিব পৰা নাই, সেই বিষয়ে কেগে প্ৰশ্ন উত্থাপন কৰিছে।