
ডিজিটেল ডেক্সঃ পাঞ্জাৱ নেচ’নেল বেংকক ১২,৬০০ কোটি টকা পৰিশোধ নকৰি দেশৰ পৰা পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদী আৰু মেহুল চাকছিক চৰকাৰে ঘূৰাই আনিব। প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে।
তেওঁ লগতে কয় যে এনডিএ চৰকাৰে এখন দুৰ্নীতিমুক্ত প্ৰশাসন ৰাইজক দিছে। আমাৰ যদি পানী নসৰকা এক ব্যৱস্থা থাকিলহেঁতেন, তেন্তে নীৰৱ মোদী আৰু মেহুল চাকছিয়ে দেশ এৰি যাব নোৱাৰিলেহেঁতেন। তেওঁলোক পলাই গ’ল আৰু তেওঁলোকক আমি ঘূৰাই আনিম।
সীতাৰমনে দিল্লীত আয়োজিত টাইমছ নেটৱৰ্ক ইণ্ডিয়া ইক’নমিক কনক্লেভত অংশগ্ৰহণ কৰিছিল। উদ্বোধনী ভাষণত তেওঁ জিএছটি প্ৰণয়ন প্ৰসংগ উল্লেখ কৰি কয় যে চৰকাৰে হাতত লোৱা সংস্কাৰৰ আঁচনিসমূহৰ ভিতৰত ই অন্যতম। জিএছটি ৰূপায়ণত কেতবোৰ সৰু সৰু সমস্যা আহিছে যদিও ইয়াক চৰকাৰে সফলতাৰে ৰূপায়ণ কৰিছে। ইয়াক বিলম্ব কৰিবলৈ ভিন্ন পক্ষৰ পৰা হেঁচা আহিছিল যদিও সেইবোৰ প্ৰতিহত কৰা হ’ল।
আদৰণি ভাষণত গ্ৰুপটোৰ পৰিচালন সঞ্চালক বিনীত জৈনে ফিউগিটিভ ইক’নমিক অফেণ্ডাৰ বিল শীঘ্ৰ কাৰ্যকৰী কৰি বেংক জালিয়াতিৰ সৈতে জড়িতসকলক কঠোৰ শাস্তিৰ পোষকতা কৰে। এনে জালিয়াতিৰ পাছৰ বেংকসমূহে গ্ৰহণ কৰা কঠোৰ নীতি-নিয়মে যাতে ঋণ লওঁতা সৎ ব্যৱসায়ীসকলক অসুবিধাত নেপেলায়, তাৰ বাবে সচেতন হ’বলৈ আহ্বান জনায়।
সীতাৰমণে স্পষ্ট কৰি দিয়ে যে চৰকাৰত কোনো দুৰ্নীতিগ্ৰস্ত লোক নাই আৰু চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত নীতি ভিত্তিক, ইয়াত নাই কোনো স্ববিৰোধী সিদ্ধান্ত। কংগ্ৰেছক সভাপতি ৰাহুল গান্ধীয়ে চৰকাৰৰ দুৰ্নীতি বিচাৰি আছে। কিন্তু তেওঁ সফল নহ’ব। কংগ্ৰেছে একমাত্ৰ নিৰ্বাচনলৈ লক্ষ্য ৰাখিহে এনে অভিযোগ তুলিছে বুলি তেওঁ অভিযোগ কৰে।