
ডিজিটেল ডেস্কঃ এদিন নহয় দুদিন নহয় বা এমাহ-দুমাহ নহয়, প্ৰায় চাৰি বছৰ আত্মীয়জনৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকাৰ পাছত অহা বেয়া খবৰটো লাভ কৰিছিল ৩৯গৰাকী শ্ৰমিকৰ পৰিয়ালে৷ তেতিয়াৰ পৰাই কান্দি দিন পাৰ কৰিছে পাঞ্জাৱৰ বহু পৰিয়ালে৷ ইৰাকৰ মছুল চহৰত আইছিছে ৩৯ জন ভাৰতীয় শ্ৰমিকক হত্যা কৰাৰ তথ্য বিদেশ মন্ত্ৰী সুষমা স্বৰাজে যোৱা ২০ মাৰ্চত সংসদত দাখিল কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠিছিল পৰিয়ালসমূহত৷
Minister of State for External Affairs VK Singh leaves for Iraq to bring back mortal remains of 38 Indians who were killed by ISIS in Mosul. pic.twitter.com/SuRIbIg1VB
— ANI (@ANI) April 1, 2018
যোৱা ৪ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ মৃত্যু হোৱা বুলি চৰকাৰে থিৰাং কৰিলেও মৃতদেহ দেশলৈ উভতাই আনিবলৈ সক্ষম হোৱা নাছিল চৰকাৰ৷ ইৰাকৰ মছুলত আইএছআইৰ গণকবৰত উদ্ধাৰ হোৱা মৃতদেহ বাগদাদত ডিএনএ পৰীক্ষা কৰাৰ অন্তত নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ বুলি নিশ্চিত হৈছে যদিও চৰকাৰে মৃতদেহ সময়মতে দেশলৈ আনিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে চৰকাৰৰ বিৰুদ্ধে৷
এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ বিদেশ ৰাজ্য মন্ত্ৰী বিকে সিঙে মৃতদেহ আনিবলৈ খোদ উৰা মাৰে ইৰাকলৈ৷ মৃতদেহ ভাৰতলৈ অনাত পলম কৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ মাত্ৰা বৃদ্ধি হোৱাৰ সময়তে ৩৯গৰাকী ভৰতীয়ৰ মৃতদেহ দেশলৈ উভতাই আনিবলৈ দেওবাৰে ইৰাকত উপস্থিত হ’ব জেনেৰেল বিকে সিং৷
বিকে সিঙে চি-১৭ বিমানেৰে ইৰাকলৈ উৰা মাৰে৷ ৩৯গৰাকী ভৰতীয়ৰ মৃতদেহ দেশলৈ আনি পৰিয়ালক গতাই দিব চৰকাৰে৷ ৩৯গৰাকী ভাৰতীয়ৰ পৰিয়ালক মন্ত্ৰীয়ে লগ ধৰি ইৰাকলৈ ৰাওনা হয়৷ সিঙে সোমবাৰে নতুবা মঙলবাৰে ইৰাকৰ পৰা উভতি আহিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷
যোৱা ২৬ মাৰ্চত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ৩৯ ভাৰতীয়ৰ পৰিয়ালক সাক্ষাৎ কৰিছিল৷ অপহৰণকাৰীয়ে ভাৰতীয় লোককেইজনক বদুশ নামৰ ঠাইলৈ নি নৃশংস ভাৱে হত্যা কৰে বুলি কয় স্বৰাজে৷ এজনে নিজকে বাংলাদেশী বুলি পৰিচয় দি ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় বুলিও কয় স্বাৰাজে৷
উল্লেখ্য যে, ২০১৪ চনৰ ইৰাকৰ মাচুল চহৰত নিৰুদ্দশ হেছিল ৩৯ গৰাকী ভাৰতীয়৷ লোক কেইজনৰ লোকৰ ইতিমধ্যে মৃত্যু হৈছে এয়া খাতাং হৈ পৰিছে৷ ইতিমধ্যে বিদেশ মন্ত্ৰাণালয়ে আৰু বিদেশ মন্ত্ৰীয়ে নিৰুদ্দেশ হোৱা হোৱা লোকসকলক আইএছআইয়ে হত্যা কৰিছে বুলি কয়৷
পাহাৰত গাত খান্দি ভাৰতীয় লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ উদ্ধাৰ হোৱা ৩৯ গৰাকী লোকৰ মৃতদেহ পাঞ্জাৱৰ অমৃতসৰলৈ লৈ আহিব বুলি কৈছিল চৰকাৰে৷
আনহাতে প্ৰাক্তন সেনা প্ৰধান বিকে সিঙে ইৰাকৰ মাচুল চহৰৰ পৰা মৃতদেহ ভাৰতলৈ লৈ আহিব বুলি কৈছিল৷ চৰকাৰে যোৱা ৪ বছৰে ৩৯গৰাকী ভাৰতীয় জীয়াই আছেনে মৃত্যু হৈছে সেই কথা ৰাজবুৱা কৰোতেৈ ৪ বছৰ সময় লাগে৷ এই কথা স্পষ্ট কৰোতে ইমান সময় লাগিল কিয় তাক লৈ চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে নানা প্ৰশ্ন৷