
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সুৰক্ষা আইন অধিনিয়ম-১৯৮৯ অনুসৰি গ্ৰেপ্তাৰ আৰু অপৰাধীক গোচৰ ৰুজু কৰিব নোৱাৰাৰ সিদ্ধান্ত লয়৷ এই খন আইনে বিভিন্ন সময়ত ভেদভাৱ, অত্যাচাৰ সন্মুখীন হোৱা সম্প্ৰদায়ক সুৰক্ষা দিছিল৷
#BharatBandh over SC/ST protection act: Visuals of protest from Ghaziabad pic.twitter.com/MIpJXCZBaA
— ANI UP (@ANINewsUP) April 2, 2018
অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি নিৰ্যাতনবিৰোধী আইন দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰি দেশৰ কেইবাটাও সংগঠনে জাঙুৰ খাই উঠে৷ সংসদ ভৱনৰ চৌহদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ সাংসদে প্ৰতিবাদ কৰিছিল৷
#BharatBandh over SC/ST protection act: Shops being forcibly shut down by protesters in Dehradun. #Uttarakhand pic.twitter.com/ocQ8Tm11Km
— ANI (@ANI) April 2, 2018
দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিক পৰ্যায়ৰ সংগঠন সমূহেও নাৰাজ হয় চৰকাৰৰ বিৰুদ্ধে৷ চৰকাৰে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰাত ফেইল হৈছে বুলি অভিযোগ উত্থাপন হয়৷ উল্লেখ্য যে, ন্যায়ালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আইনৰ দ্বাৰা কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে জিলা আৰক্ষীৰ উপ-অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা গোচৰৰ তদন্ত হোৱা প্ৰয়োজন বুলি কয়৷ জ্যেষ্ঠ ন্যায়াধীশ আদৰ্শ গোৱেল আৰু য়ু য়ু ললিতৰ বেঞ্চে কয়, এছচি-এছটি আইনৰ অধিনত গোচৰ ৰুজু হলে জামিন নিদিয়াৰ কোনো পূৰ্ণ প্ৰতিবন্ধকতা নাই৷
WATCH: Protesters resort to stone pelting in Bhind during #BharatBandh over the SC/ST Protection Act. #MadhyaPradesh pic.twitter.com/40KmhV3Ckm
— ANI (@ANI) April 2, 2018
এছচি-এছটি আইন দলিত আৰু আদিবাসীসকলৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰাৰ এখন বিশেষ আৰু গুৰুত্বপূৰ্ণ আইন ৰূপে জনা যায়৷ মোডী চৰকাৰ এই ক্ষেত্ৰত আদালতত ভূমিকা পালনত বিফল হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশৰ দলিত সংগঠনে বিজেপিক দলিত বিৰোধী আখ্যা দি সোমবাৰে ভাৰত বন্ধৰ আহ্বান জনায়৷
#BharatBandh over SC/ST protection act: An apparel showroom vandalized in Jaipur pic.twitter.com/LZ0RH5q2BK
— ANI (@ANI) April 2, 2018
ভাৰত বন্ধক সমৰ্থন দিয়ে কেইবাটাও ৰাজনৈতিক দলে৷ অনুসূচিত জাতি আৰু অনুসুচিত জনজাতিৰ আইন দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দলিত সংগঠনে আহ্বান জনোৱা এই বন্ধৰ দেশব্যাপি প্ৰভাৱ পৰে৷ বন্ধৰ প্ৰভাৱ পৰে দেশৰ কেইবাখনো ৰাজ্যত৷ অসম, ৰাজস্থান, বিহাৰ, উৰিষ্যা, পাঞ্জাৱ বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ পাঞ্জাৱৰ অমৃতসৰত ৰেল পথ আৱৰোধ কৰে ৰাইজে৷
Visuals of #BharatBandh protest from Morena over the SC/ST Protection Act: Protesters block a railway track. #MadhyaPradesh pic.twitter.com/8DAKAHWPSb
— ANI (@ANI) April 2, 2018
ৰাজস্থানৰ বাড়মূৰ এলেকাত বন্ধৰ সমৰ্থকে উগ্ৰমূৰ্তি ধাৰণ কৰে৷ বহু সৰু বানত অগ্নিসংযোগ কৰে৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও উত্তেজনা অব্যাহত আছে৷
#BharatBandh over SC/ST protection act: Protesters stop a train in Jaipur #Rajasthan pic.twitter.com/37FKjlQf3o
— ANI (@ANI) April 2, 2018
আনহাতে পাঞ্জাৱত চিবিএছইৰ দশম আৰু দ্বাদশ পৰীক্ষা স্থগিত ৰাখে চৰকাৰে৷ ভাৰত বন্ধৰ বাবে আইন শৃংখলাৰ দিশটোৰ দোহাই দি পাঞ্জাৱ শিক্ষা বিভাগৰ স্কুলীয়া শিক্ষাৰ মহানিৰ্দেশকে পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লয়৷ দুই এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া আছিল পৰীক্ষা৷ পাঞ্জাৱ চৰকাৰে ইন্টাৰ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়ে৷ বন্ধ ঘোষণা কৰাৰ পাছতেই সমগ্ৰ পাঞ্জাৱত পৰিবহন সেৱা বন্ধ ৰখা বুলি চৰকাৰৰ মুখপাত্ৰই ঘোষণা কৰে৷ পাঞ্জাৱৰ পাটিয়ালাত মহিলাই ৰেল পথ অৱৰোধ কৰে৷
#WATCH #BharatBandh over SC/ST protection act: Protesters thrashed by Police personnel in Meerut pic.twitter.com/yQfaJBDbBD
— ANI UP (@ANINewsUP) April 2, 2018
মেৰাঠত বন্ধৰ সমৰ্থকে গাড়ীৰ বিস্তৰ ক্ষতি সাধন কৰে৷ বন্ধৰ সমৰ্থকে বহু গাড়ীৰ আইনা ভাঙি পেলায়৷ উৰিষ্যাৰ ভাগলপুৰত বন্ধৰ সমৰ্থক ৰাজ পথলৈ ওলাই আহে৷ ৰাজপথ আৰু ৰেলপথ অৱৰোধ কৰে৷ বিহাৰৰ আৰাত কেইবাটাও সংগঠনে ৰাজ পথলৈ ওলাই আহে৷ চিপিআইএমল কৰ্মকৰ্তাই ৰেল অৱৰোধ কৰে আৰাত৷ পথত টায়াৰ জ্বলাই বিৰোধ প্ৰদৰ্শন কৰে৷
#WATCH #BharatBandh over SC/ST protection act: Clash between protesters and Police in Ranchi. Several people injured #Jharkhand pic.twitter.com/nYc19J6oUu
— ANI (@ANI) April 2, 2018
কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে এছটি-এছচি প্ৰটেকচন আইন পুনঃবিচাৰ আৱেদন দাখিল কৰিব লাগে বুলি কয়৷ এয়া চৰকাৰৰ কৰ্তব্য৷ প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে এই গোচৰটোক ভালদৰে নাচালে যাৰ বাবে চৰকাৰে এই গোচৰত পৰাজয় বৰণ কৰিলে৷ ইয়াৰ উচিত তদন্ত হ’ব লাগে৷
#BharatBandh over SC/ST protection act: Scuffle between protesters and Police in Ranchi #Jharkhand pic.twitter.com/6QCPjVT6KT
— ANI (@ANI) April 2, 2018
ৰাজস্থানত মহিলা পুৰুষ ৰাজ পথলৈ ওলাই আহে৷ পথ অৱৰোধ কৰে উত্তাল কৰে ৰাজপথ৷ ৰাজস্থানৰ বাড়েমুৰ এলেকাত বন্ধৰ সমৰ্থক আৰু কৰণী সেনাৰ মাজত সংঘাত লাগে৷ আৰক্ষয়ে বন্ধৰ সমৰ্থকক ছত্ৰভংগ দিবলৈ লাঠি চালনা কৰিব লগা হয়৷
#BharatBandh over SC/ST protection act: Protest turns violent in Barmer, cars and property damaged. #Rajasthan pic.twitter.com/gZ0rtMSeg5
— ANI (@ANI) April 2, 2018
#BharatBandh over SC/ST protection act: Protest turns violent in Meerut, cars damaged pic.twitter.com/T5a9szGtDI
— ANI UP (@ANINewsUP) April 2, 2018
দেশব্যাপি দলিত-আদিবাসী ৰাজ পথলৈ ওলাই অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে পুনঃবিচাৰ যাচিকা আদালতত দাখিল কৰাৰ কথা এক বিবৃতি যোগে ঘোষণা কৰে৷
সামাজিক ন্যায় মন্ত্ৰণালয়ে এই সিদ্ধান্ত লয়৷ আন্দোলন সমাপ্ত কৰাৰ আৱেদন জনাই মন্ত্ৰী থাৱৰচান্দ গেহলটে৷ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনঃবিচাৰ যাচিকা দাখিল কৰিব বুলি কৈ ভাৰত চৰকাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণৰ বাবে সাজু থকা বুলি কয়৷