নাওকাটাঃ বাগসা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত সুৱাগপুৰৰ এগৰাকী মহিলাই ভুল চিকিৎসাৰ বলি হৈ সদ্যোজাত সন্তানসহ মৃত্যুক সাৱটিবলগীয়া হয়। এই ঘটনাৰ পিছতেই নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নাওকাটা স্বাস্থ্যকেন্দ্ৰত। উত্তেজিত ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰে চিকিৎসালয়খনৰ বহু সা-সামগ্ৰী।

চিকিৎসালয়খনৰ ফাৰ্মাচিষ্ট নুৰুল আমিন আহমেদে চিকিৎসকৰ ৰূপত অৱতীর্ণ হৈ সম্পূৰ্ণ এদিন নিজৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰাৰ লগতে মাত্ৰ ছয় মাহতে অপৈণত অৱস্থাত প্ৰসৱ কৰোৱাৰ ফলতে সন্তানসহ মহিলাগৰাকীয়ে অকাল মৃত্যুক সাৱতি লোৱা অভিযোগ স্থানীয় ৰাইজৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত সুৱাগপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।