প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ যোৱা ৩১ মাৰ্চত উৰিষ্যাৰ কটক জিলাৰ টলবস্তা গাঁৱত ১৬ দিনীয়া এটি কেচুৱাক বান্দৰে বিছনাৰ পৰা দাং কোলাকৈ নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কেচুৱাটোক মাতৃয়ে বিছনাত শুৱাইলৈ থকাৰ সময়তে বান্দৰে দাঙি নিয়ে৷ 

কটক জিলাৰ টলবাস্তা গাঁৱৰ এগৰাকী মহিলাই নিজৰ গৃহতেই ১৬ দিন পূৰ্বে জন্ম পোৱা সন্তানৰ সৈতে বিচনাত শুই আছিল৷ সেই সময়ত ঘৰৰ ভিতৰত এটা বান্দৰ প্ৰৱেশ কৰি কেচুৱাটোক কোলাত লৈ পলায়ন কৰে৷ মাতৃয়ে সেই সময়ত একোকে উৱাদিহ নাপালে৷ 

মাতৃয়ে বান্দৰৰ কোলাত সন্তান প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে৷ স্থানীয় লোকে বান্দৰটোক লক্ষ্য কৰি সন্তানটোক বচাবলৈ তথা উদ্ধাৰৰ চেষ্টা কৰে যদিও সেয়া সম্ভৱ নহয়৷ তাৰ পাছতেই এই খবৰ বন বিভাগক দিয়া হয়৷ বন বিভাগৰ ৩০ জনীয়া দল এটাই পানী কেচুৱাটোক বান্দৰৰ কৱলৰ পৰা উদ্ধাৰৰ চেষ্টা কৰে যদিও ৬০ ঘন্টাৰ মূৰকত কেচুৱাটোৰ মৃতদেহ গাঁও খনৰ এটি কুঁৱাত উদ্ধাৰ হয়৷ 

আৰক্ষী আৰু বিন বিভাগৰ তিনিটা দলে শনিবাৰৰ দিনটো অভিযান চলাই যদিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল কেচুৱাটোক৷ পৰিয়ালৰ লোকেহে এটি কুঁৱাৰ পৰা উদ্ধাৰ কৰে মৃতদেহ৷

কেচুৱাটোৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল৷ প্ৰশাসনে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰে৷ সন্দেহ কৰা মতে, বান্দৰে সাৱটি ধৰি থকা অৱস্থাত পিছলি পৰি কেচুৱাটোৰ মৃত্যু হৈছে৷ আৰক্ষী আৰু বন বিভাগে চলোৱা অভিযানৰ বিৰুদ্ধে ৰাইজে অভিযোগ উত্থাপন কৰে অভিযানক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে৷