
জাগীৰোডঃ মৰিগাঁও জিলাৰ নগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীসকলে সোমবাৰে পুৱাৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে স্থায়ী কৰ্মচাৰীসকলক তিনিমাহৰ দৰমহা আদায় দিয়ে যদিও ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দিয়াতো দুৰৰ কথা কামৰ পৰা খেদিবলৈ উঠি-পৰি লাগিছে বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে অস্থায়ী কৰ্মচাৰীসকলে৷
আমাক চৰকাৰ-নগাঁও কাগজ কল কৰ্তৃপক্ষই লেই লেই ছেই ছেই কৰিছে৷ বাকীসকলৰ দৰেই কেজুৱেল কৰ্মচাৰীসকলৰ শীঘ্ৰে দৰমহা আদায় দিয়ক৷ নহলে আমি তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিম৷ নগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীয়ে সোমবাৰে পুৱাৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দৰমহা আদায় দিয়াৰ দাবী জনাই এনেদৰে৷
কাগজ কলটোত ৩০ বছৰ ধৰি কাম কৰি থকা ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক চৰকাৰে চাটাই কৰিব বিচাৰি পান্সিং মেচিম উঠাই দিয়ে। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক অন্যায় কৰাৰ ফলত সোমবাৰে পুৱাৰে পৰা কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে স্থানীয় আছুৱে ৩০ বছৰ ধৰি কলটোত কাম কৰা অস্থায়ী কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে। পান্সিং মেচিন উঠাই কৰ্মচাৰীক চাটাই কৰাৰ ষড়যন্ত্ৰ মানি লোৱা নহব বুলি কয় আছুৱে। আনহাতে আছুৱে নগাঁও কাগজ কলৰ বিষয়াক আবদ্ধ কৰে জোনবিল ক্লাবত৷ বিষয়াকেইজনে পান্সিং মেচিম উঠাই দি কৰ্মচাৰীকসকলক চাটাই কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে আছুৱে৷
কেন্দ্ৰীয় চৰকাৰে স্থায়ী কৰ্মচাৰীসকলক তিনি মাহৰ দৰমহা দি অস্থায়ী কৰ্মচাৰীসকলক দৰমহাৰ পৰা বঞ্চিত কৰে৷ একেটা উদ্যোগত কাম কৰা নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব লগা হৈছে কাগজ কলৰ কৰ্মীসকল৷ কলটোৰ আটাই খিনি কৰ্মচাৰীয়ে একেলগে প্ৰতিবাদ কৰাৰ ফলত চৰকাৰে দৰমহা আদায় দিবলৈ বাধ্য হয় যদিও এতিয়া অস্থায়ী কৰ্মচাৰীসকলক দৰমহাৰ পৰা বঞ্চিত কৰে৷ ইমানে নহয় কাগজ কল কৰ্তৃপক্ষই অস্থায়ী কৰ্মচাৰীসকলক দৰমহাৰ পৰা বঞ্চিত কৰাৰ উপৰিও পান্সিং মেচিনো নিশাৰ ভিতৰতে আতৰাই দিয়ে৷