
ধিংঃ পুৱা নগাঁও জিলাৰ চকলাঘাটত ভুৱা চালানেৰে বালি কঢ়িওৱা সাতখনকৈ ট্ৰাক জব্দ কৰে স্থানীয় যুৱকে। অঞ্চলটোৰ লোকসকলে ট্ৰাককেইখন জব্দ কৰি জাজৰি অাৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে।
ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ নথি-পত্ৰসমূহ ভুৱা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে নগাঁও আৰু মৰিগাঁও জিলাত নিতৌ চালানবিহীনভাৱে বালি, শিল, কয়লা আদি নিশাৰ ভাগত সৰবৰাহ হয় বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে।
ইফালে অভিযোগ অনুসৰি একাংশ বন বিষয়া আৰু অাৰক্ষীৰ ছত্ৰছায়াতে চলে এই কাৰ্যসমূহ।