
ডিজিটেল ডেক্সঃ এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত সোমবাৰে বিয়লি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ভিন্ন ক্ষেত্ৰৰ ৪১গৰাকী লোকক পদ্ম সন্মান প্ৰদান কৰে। খেল জগতৰ প্ৰাক্তন ভাৰতীয় স্কিপাৰ মহেন্দ্ৰ সিং ধোনী আৰু বিলিয়াৰ্ড চেম্পিয়ন পংকজ আদৱানিয়ে ৰাষ্ট্ৰপতিৰ পৰা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰে। ৱেইটলিফটাৰ ছাইখম মীৰাবাই চনু আৰু এছিয়ান গেমছত সোণৰ পদক বিজয়ী টেনিছ খেলুৱৈ সোমদেৱ দেৱবাৰ্মাক পদ্মশ্ৰী সন্মান যচা হয়।
#WATCH Billiards player Pankaj Advani and Cricketer MS Dhoni conferred with Padma Bhushan by President Ram Nath Kovind at Rashtrapati Bhawan in Delhi pic.twitter.com/XgPTHWsxBl
— ANI (@ANI) April 2, 2018
ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানটোত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে।
অনুষ্ঠানটোত মুখ্য আকৰ্ষণ আছিল ৩৭ বছৰীয়া এমএছ ধোনী। তেওঁ সম্পূৰ্ণ সেনাৰ আদব-কাইদাৰে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰহণ কৰে। ২০১১ চনত ধোনীৰ নেতৃত্বত ভাৰতে দ্বিতীয়বাৰ বিশ্বকাপ লাভ কৰাৰ পাছত সেই বছৰৰে নৱেম্বৰত ভাৰতীয় সেনাই তেওঁক লেফটেনেন্ট কৰ্নেলৰ অবৈতনিক সন্মান যাচিছিল।
নাম ঘোষণা কৰাৰ লগে লগে সম্পূৰ্ণ সামকিৰ পোছাকত থকা ধোনীয়ে সেনা বিষয়াৰ দৰে খোজ দি মঞ্চলৈ উঠি গৈ ৰাষ্ট্ৰপতি কোৱিন্দৰ পৰা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰে।
ধোনীয়ে এতিয়ালৈ বহু সন্মান লাভ কৰিছে। ২০০৮ আৰু ২০০৯ চনত তেওঁ দুবাৰ আইচিচি অডিআই প্লেয়াৰ অৱ দ্যা ইয়েৰ লাভ কৰা একমাত্ৰ খেলুৱৈ। ২০০৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন আৰু ২০০৯ চনত ধোনীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। লোক সংস্কৃতিৰ সাধক শাৰদা সিনহা আৰু সমসাময়িক ভাৰতীয় শিল্পী লক্ষ্মণ পাইকো পদ্ম ভূষণ সন্মান প্ৰদান কৰা হয়।
বিশিষ্ট অভিনেতা মনোজ যোশী, কুষ্ঠৰোগ নিৰ্মূলৰ বাবে কাম কৰি থকা দাছমোদৰ গনেশ বাপাট, মণিপুৰৰ শিপিনী এল ছুবাদানি দেৱী, কৰ্ণাটকৰ ছুফি ভজন গায়ক ইব্ৰাহিম নবীচাহেব ছুটাৰ, বন্যপ্ৰাণী সংৰক্ষক ৰমুলুছ হুইটাকাৰ আৰু মিজোৰামৰ শিক্ষাবিদ এ জাকিয়াক পদ্মশ্ৰী সন্মান যচা হয়।