ধৰ্ষণ কাণ্ডৰ ভিডিঅ’ দেখুৱাই কেইবামাহ ধৰি ব্লেকমেইল কৰিলে ১৬ বছৰীয়া কিশোৰীক

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি সেই ভিডিঅ’ মোবাইলত ৰেকৰ্ড কৰি পুনৰ কেইবামাহ ধৰি ব্লেকমেইল কৰাৰ ঘটনা পোহৰলৈ আহিছে মুম্বাইত৷ প্ৰথমে অভিযুক্তই ধৰ্ষণ কৰি ভিডিঅ’ ৰেকৰ্ড কৰে৷ সেই ভিডিঅ’টোৰে কেইবামাহ ধৰি ধৰ্ষণ কৰে৷ 

তাৰ পিছত ব্লেকমেইল কৰাৰ উদ্দেশ্যে আন ৩ জন বন্ধুক ভিডিঅ’টো দিয়ে৷ ৩ জন বন্ধুৱে ভিডিঅ’টো দেখুৱাই গণ ধৰ্ষণ কৰে কিশোৰীগৰাকীক৷ ইতিমধ্যে ঘটনাৰ অভিযুক্তক আটক কৰা হৈছে৷ 

১৭ বছৰীয়া যুৱকজন মুম্বাইৰ কৰলা অঞ্চলৰ বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, এদিন স্কুলৰ পৰা উভতি অহাৰ সময়ত বিল্ডিংৰ ছাডত নি কিশোৰীগৰাকীক কিশোৰজনে ধৰ্ষণ কৰে৷ 

ইমানে নহয় সমস্ত কাণ্ড মোবাইলত ৰেকৰ্ড কৰে ১৭ বছৰীয়া কিশোৰজনে৷ কিশোৰজনে প্ৰতিদিনে কিশোৰীগৰাকীক বিদ্যালয়লৈ যোৱাৰ সময়ত হাৰাশাস্তি কৰে৷ প্ৰায়ে সেই ভিডিঅ’টো ফাদিল কৰাৰ ভয় দেখুৱাই কিশোৰীগৰাকীক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে৷ 

সেই ভিডিঅ’টো একেটা অঞ্চলৰ আন ৩জন যুৱককো দিয়ে৷ সেই যুৱক কেইজনে লগলাগি ব্লেকমেইল কৰি গণ ধৰ্ষণ কাণ্ড সংঘটিত কৰে কিশোৰীগৰাকীৰ সৈতে৷ 

কিছু দিন পূৰ্বে কিশিৰোগৰাকীৰ পিতৃক এগৰাকী লোকে নিজ কন্যাৰ ভিডিঅ’টো দেখুৱাই৷ তাৰ পিছতে পিতৃয়ে নিজ কন্যাক সোধ-পোছ কৰাত সকলো কথা পোহৰলৈ আহে৷ ইতিমধ্যে কিশোৰীৰ অভিভাৱকে আৰক্ষীক গোচৰ তৰে৷ অভিযুক্ত কিশোৰ হলেও প্ৰাপ্তবয়স্কৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব আৰক্ষীয়ে৷ ধৰ্ষণ, ব্লেমেইল আৰু পোক্সো ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷