
নগাঁওঃ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড অধিক গতিশীল আৰু ত্বৰাম্বিত কৰি তোলাৰ অৰ্থে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহন কৰি আহিলেও একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ কৰ্ম-কাণ্ডই তেনেবোৰ পদক্ষেপৰ পৰা ফল ধৰা দেখা নাযায়। বহু শিক্ষকে চৰকাৰ তথা শিক্ষামন্ত্ৰীয়ে জনোৱা আহ্বানক ভ্ৰুক্ষেপ নকৰে। চৰকাৰ তথা শিক্ষামন্ত্ৰীৰ কথাটো দুৰৰ কথা খোদ বিদ্যালয়ৰ সহঃশিক্ষক আৰু ছাত্ৰী-ছাত্ৰীৰ কথাকেই নুশুনে।
তাৰ মাজতে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ ছলাপথাৰ ছাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক আবু হানিফ আনচাৰীৰ কথাকে ক’ব পাৰি৷ চৰকাৰে বিদ্যালয়ৰ সমীপত চিগাৰেট বিক্ৰী কৰাত নিষেধাজ্ঞা জাৰি কৰাৰ সময়তে এই নিয়মক ভংগ কৰি আহিছে ৰামপুৰ ছলাপথাৰ ছাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক আবু হানিফ আনচাৰীয়ে।
বিভিন্ন সময়ত বিভিন্ন বিতৰ্কত নাম সাঙুৰ খাই পৰা এই প্ৰধান শিক্ষকজনে নিতৌ সংঘটিত কৰি আহিছে নাভূত-নাশ্ৰুত কাণ্ড৷ জানিব পৰা মতে, প্ৰধান শিক্ষকজনে চৰম মইমতালি প্ৰদৰ্শনেৰে নিয়মিতভাবে বিদ্যালয়তে সেৱন কৰি আহিছে চিগাৰেট৷ বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তেই প্ৰধান শিক্ষকজনে নিজৰ কাৰ্যালয় কক্ষতে প্ৰায়েই চিগাৰেটৰ ধোৱা উৰুৱাই আইন বিৰোধী কাৰ্যত লিপ্ত হৈ আহিছে৷
কিয়নো শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিবেশ যাতে বিনষ্ট নহয় তাৰ বাবে শিক্ষানুষ্ঠানৰ এশ গজ ব্যাসাৰ্ধ্যৰ ভিতৰত ধূমপাণ বিক্ৰী সেৱন কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে এনে নিয়ম অমান্য কৰিলে ২০০ টকা জৰিমনা বিহাৰ নিয়মো প্ৰনয়ণ কৰা হৈছে৷ আনকি এই কথা লিখা থকা বেনাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ সন্মুখতে আঁৰি থোৱা হৈছে৷ কিন্তু ৰামপুৰ ছলাপথাৰ ছাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক আবু হানিফ আনচাৰী এই নিয়মক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একপ্ৰকাৰে আইন অমান্য কৰি আহিছে৷
কাৰো হাক-বচনলৈ কেৰেপ নকৰা এই প্ৰধান শিক্ষকজনে নিজৰ কাৰ্যালয় কক্ষৰ নিজৰ টেবুলৰ সন্মুখত সম্পূৰ্ণ মুকলিভাৱে চিগাৰেট হুপি প্ৰকৃততে শৈক্ষিক পৰিবেশ কলুষিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ আনহাতে ছাত্ৰ-ছাত্ৰীয়ে আমাৰ আবু হানিফ আনচাৰী ছাৰে সদায় চিগাৰেট খাই থাকে বুলি কয়। কিছুদিনৰ পূৰ্বে এইজন প্ৰধান শিক্ষকে এজন সহকাৰী শিক্ষকক লগত লৈ দুগৰাকী ছাত্ৰক বিদ্যালয়তে নিৰ্দয়ভাবে বেত্ৰাঘাত কৰাৰ উপৰি আঠু কঢ়াই বহুদূৰ তেনেদৰে যাবলৈ দি তালিবানী শাস্তি প্ৰদানেৰে বিতৰ্কত সোমাই পৰিছিল৷
যিটো ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ বিপৰীতে কিশোৰ ছাত্ৰ দুজনৰ অভিভাবকৰ গোচৰৰ ভিত্তিত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩২৫/৩৪ নং ধাৰাত বটদ্ৰৱা আৰক্ষী থানাত ৩০/১৮ নম্বৰত প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে গোচৰো ৰুজু হৈ আছে৷
কাজেই বাৰে বাৰে আইন অমান্য কৰি অহা এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে আজিকোপতি নগাঁও জিলা শিক্ষা বিভাগে কোনো পদক্ষেপ গ্ৰহন নকৰাত সচেতন মহলে চিন্তা ব্যক্ত কৰে। শীঘ্ৰে পবিত্ৰ শিক্ষাবৃত্তিক কলংকিত কৰা প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱাৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷