ওদালগুৰিঃ ওদালগুৰি জিলাৰ দৰং-ওদালগুৰি সীমান্তৰ ওতলা গাঁৱত ভাৰতীয় সেনাই অভিযান চলাই শনিবাৰে দিনৰ প্ৰায় ১০.৩০ বজাত অস্ত্ৰ সহ এগৰাকী সন্দেহজনক আলফা কেডাৰক আটক কৰিবলৈ সক্ষম হয়৷  

ওদালগুৰিৰ গলন্দীৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ গজৰাজ বাহিনী আৰু ওদালগুৰি আৰক্ষীয়ে দৰং-ওদালগুৰি সীমান্তৰ ওতলা গাঁৱত অভিযান চলাই টংকেশ্বৰ কেওট(৪৮) নামৰ সন্দেহজনক লোকজনক আলফাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে৷ 

সংযুক্ত মুক্তি বাহিনী অসমৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অভিযান চলাই গাঁও খনৰ এঘৰ লোকৰ ঘৰত তালাচী চলাই লোকজনক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক একেখন গাঁৱৰে বুলি জানিব পৰা গৈছে৷

টংকেশ্বৰৰ আলফা(স্বা)ৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰে সেনা-আৰক্ষীয়ে৷ লোকজনৰ পৰা ৭.৬২ পিষ্টল এটা, তিনিটা সজীৱ গুলী আৰু এটা মেগজিন, কিছু নথি-পত্ৰ উদ্ধাৰ হোৱা বুলি সাংবাদিকক অৱগত কৰে সেনাই। ইয়াৰ পাছত সেনাই লোকজনক ওদালগুৰি আৰক্ষীৰ হাতত গতাই দিয়ে। 

সংযুক্ত মুক্তি বাহিনী অসমৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাটোতে ওদালগুৰিত সেনা-আৰক্ষীৰ হাতত আলফাৰ সন্দেহত এজন লোকক আটক কৰাৰ ঘটনাই তাৎপৰ্যবহন কৰিছে৷ দৰং-ওদালগুৰি জিলাৰ কিছু অঞ্চলত এতিয়াও আলফা সক্ৰিয় হৈ আছে নে তাকেই লৈ সন্দেহৰ সৃষ্টি হৈ আহিছে৷