
ডিজিটেল ডেস্কঃ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে শনিবাৰে ৫.৩০ বজাত জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে৷ ছলমানৰ ব্যক্তিগত দেহৰক্ষী চেৰা জেলত উপস্থিত হোৱাৰ পাছতেই কাৰাগাৰৰ পাৰ ওলাই আহে ছলমান খান৷
#InPics | Salman Khan walks out of Jodhpur jail, will return home to Mumbai in a chartered flight tonight
— NDTV (@ndtv) April 7, 2018
Watch LIVE: https://t.co/hMlRpgrUU6
Track LIVE updates here: https://t.co/VRilgFMJqW pic.twitter.com/FHyNXYHaxx
Actor #SalmanKhan leaves from Jodhpur Central Jail to Jodhpur Airport. #BlackBuckPoachingCase pic.twitter.com/5fWWOnCtwq
— ANI (@ANI) April 7, 2018
কাৰাগাৰাৰ বাহিৰত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে বহু লোকৰ সমাগম হয় ছলমান খানক এবাৰ প্ৰত্যক্ষ কৰিবলৈ৷ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এটি বিশাল কনভয়ৰে ছলমান খানে উপস্থিত হয় জোধপুৰ বিমান বন্দৰত৷
Actor #SalmanKhan reaches Jodhpur Airport. #BlackBuckPoachingCase pic.twitter.com/RgsRFwrdfc
— ANI (@ANI) April 7, 2018
ছলমান খানে জোধপুৰ জেলৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে জোধপুৰ বিমানবন্দৰত উপস্থিত হৈয়ে পূৰ্বৰে পৰা বিমান বন্দৰত থিয় থকা চাৰ্টাৰ্ড বিমানত উঠে৷ ছলমান খানক কঢ়িয়াই আনিবলৈ মুম্বাইৰ পৰা চাৰ্টাৰ্ড বিমান গৈ জোধপুৰত উপস্থিত হৈছিল দুপৰীয়াৰ ভাগত৷ চাৰ্টাৰ্ড প্লেনেৰে মুম্বাইলৈ আহিব ছলমানে৷ ছলমান সৈতে বিমানত দেহৰক্ষী চেৰাও আহে৷
Earlier visuals of #SalmanKhan coming out of Jodhpur Central Jail. pic.twitter.com/tYxgTAwWFd
— ANI (@ANI) April 7, 2018
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই জোধপুৰ আদালতে জামিনত মুক্তি দিছিল বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক৷ ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত দ্বিতীয়টো নিশা কটােৱাৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহে বলিউডৰ চল্লু ভাই৷
#BlackbuckPoachingCase: First visuals of Salman Khan reaching Jodhpur Airport from Central Jail. LIVE: https://t.co/JQJlKZeiOk pic.twitter.com/qmkQS3ILua
— ABP News (@abpnewstv) April 7, 2018
জোধপুৰ চেচন আদালতত উভয় পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত জামিন সন্দৰ্ভত এই সিদ্ধান্ত লয় ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে। ৰায় ঘোষণাৰ পূৰ্বে ছলমানৰ ভগ্নী আলবিৰা আৰু অৰ্পিতা আদালতত উপস্থিত হয়৷
Festival time amongst Salman Khan fans in #Jodhpur #SalmanGetsBail pic.twitter.com/t9Hwb5sOVR
— Faridoon Shahryar (@iFaridoon) April 7, 2018
জোধপুৰ আদালতে জামিনত মুক্তি দিলেও বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বিদেশ ভ্ৰমণত বাধা আহি পৰিল৷ কিয়নো যেতিয়াই ছলমান খানে বিদেশ ভ্ৰমণ কৰিব তেতিয়াই আদালতৰ অনুমতি লব লাগিব৷
আদালতে অনুমতি প্ৰদান নকৰিলে ছলমানে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ কেইবাখনো বিগ বাজেটৰ ছবিৰ শ্বুটিং ছলি থকাৰ ফলত ছলমানে বিদেশত যাব লাগিব যদিও আদালতৰ অনুমতি নাপালে বিদেশ ভ্ৰমণত বাধা আহিব৷ বলিউডৰ প্ৰায় ১০০০ কোটি টকা টকা ছলমানে অভিনয় কৰা ছবিত নিয়োগ কৰিছে কেইবাগৰাকী পৰিচালকে৷
অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন দাখিল কৰিছিল যদিও জামিনৰ ৰায় এদিনৰ বাবে স্থগিত ৰখা হৈছিল৷ শনিবাৰে পুৱা ৯.৩০ বজাত ৰাজস্থানৰ জোধপুৰ জিলা-চেচন আদালতৰ ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশী আদালতত উপস্থিত হয়৷
কিছুসময় পাছতেই উপস্থিত হয় ছলমান খানৰ অধিবক্তা হাষ্টিমল শ্বৰচৱাতে৷ জামিন আৱেদনৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হৈ গৈছিল বাবে কেৱল ছলমান খানৰ জামিনৰ ৰায় ঘোষণা কৰি জামিনত মুক্তি দিয়ে ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে৷
আনহাতে আদালত বাহিৰত ছলমান অধিবক্তাই জামিনৰ সকলো চৰ্ত ছলমানে মানি লোৱা বুলি কয়৷ জোধপুৰৰ আদালত বাহিৰত ছলমানৰ ফেন প্লেকাৰ্ড লৈ থিয় হৈ থকা দেখা যায়৷
০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷
জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত আছিল ছলমানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছিল৷
যোৱা ০৫ এপ্ৰিলত জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলমানক৷