
গুৱাহাটীঃ এছটি-এছচি আইন সুৰক্ষিত কৰাৰ লগতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে আইন খন দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে সমগ্ৰ দেশতে কংগ্ৰেছে অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীও দিল্লীৰ ৰাজ ঘাটত অনশনত বহিব সোমবাৰে৷
ৰাষ্ট্ৰব্যাপি এই অনশনৰ জৰিয়তে কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক একতা ভংগ কৰা আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাব৷
অসমতো অসম প্ৰদেশ কংগ্ৰেছে সোমবাৰে ৰাজ্যজুৰি ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে৷ জিলা সদৰত ৰাজ্যৰ প্ৰতিরন জিলাৰ কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামে৷ মহত্মা গান্ধীৰ প্ৰতিচ্ছবি সন্মুখত ৰাখি এছটি-এছচি আইন সুৰক্ষিত কৰাৰ দাবী জনায়৷
ৰাজ্যৰ ৩৩ খন জিলাৰ দৰে গুৱাহাটী মহানগৰীতো অনশন কাৰ্যসূচী ৰূপায়ন কৰে গুৱাহাটী মহানগৰ কংগ্ৰেছে৷ দিছপুৰ লাষ্টগেটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে৷
উল্লেখ্য যে, যোৱা ২ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে এছটি-এছচি আইন সুৰক্ষিত কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি দেশৰ কেইবাটাও দলিত সংগঠনে সমগ্ৰ দেশত ভাৰত বন্ধ কাৰ্যসূচী পালন কৰে৷ ভাৰত বন্ধৰ সময়ত ৯ জনকৈ লোকৰ আৰক্ষীৰ গুলীত মৃত্যু হয়৷
এছটি-এছচি আইন সুৰক্ষিত কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সাম্প্ৰদায়িক একতা ভংগ কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অনুসূচিত জাতি আৰু অনুসুচিত জনজাতিৰ আইনৰ সুৰক্ষা নিশ্চয়তা প্ৰদানৰ দাবী উত্থাপন কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অনুসুচিত জাতি-জনজাতিৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আইন সুৰক্ষিত কৰাৰ দাবী জনায়৷
কাৰ্যসুচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধি দলপতি দেৱব্ৰত শইকীয়া, দুৰ্গা দাস বড়ো, প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ, শৰৎ বৰকটকী সহ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এছটি-এছচি আইনক সুক্ষিত কৰাত উচ্চতন ন্যায়ালয়ত মোডী চৰকাৰ সম্পূৰ্ণ বিফল হৈছে বুলি কৈ এই খন চৰকাৰ অনুসুচিত জাতি-জনজাতি, দলিত, আদিবাসী বিৰোধী চৰকাৰ বুলি কয়৷