খেৰণিঃ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত থিয় দিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ হামৰেন সমষ্টিৰ সদস্য মংগলছিং তিমুঙে৷ পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ ডংকামোকাম ৰাজহ চক্ৰৰ অন্তর্গত ডংকামোকাম অঞ্চলত সোমবাৰে নিশা ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছিল৷

ধুমুহাত চিটুং-লাংছ আৰু লাং-চদ গাঁৱৰ ৬১টা পৰিয়ালৰ ঘৰ ভাঙি-টিনপাত উৰুৱাই নিয়াৰ লগতে গছ, বিদ্যুতৰ খুঁটা, খেতি আদি নষ্ট হয়। চকুৰ পলকতে সকলো তচনচ হোৱাত বহু পৰিয়াল গৃহহাৰা হয়৷

এই খবৰ লাভ কৰাত কাৰ্বি পৰিষদৰ হামৰেন সমষ্টিৰ সদস্য মংগলছিং তিমুঙে ঘটনাস্থলিত উপস্থিত হৈ ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুজ লয়। বৃহত্তৰ অঞ্চলটোত ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা ৬১ টা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে তিমুঙে। 

তিমুঙৰ গৃহ সমষ্টিৰ হামৰেন চহৰ সমিতিৰ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি হামৰেন চহৰৰ ১ নং ৱাৰ্ড আৰু ৩ নং ৱাৰ্ডৰ ৱাৰ্ড সমিতি গঠন কৰে তিমুঙে। ৱাৰ্ড সমিতি গঠন সভাত একত্ৰিত হোৱা তিনি শতাধিক পুৰুষ-মহিলাক উদ্দেশ্যি তিমুঙে কয় যে সমাগত হামৰেন চহৰ সমিতি নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত৷ কাৰ্বি আংলঙত বিজেপিৰ বাহিৰে দ্বিতীয় আৰু কোনো নাই। কংগ্ৰেছমুক্ত পাহাৰীয়া জিলাত এতিয়া বিজেপিৰ বিকল্প নাই হুলি কয় তিমুঙে।